Breaking

অসমৰ ভূমিত অব্যাহত নগাৰ আগ্ৰাসন

0 2,053

যি সময়ত অসম চৰকাৰে চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ পদক্ষেপ  ৰাখি উচ্চেদ অভিযান চলাইছে , সেই সময়তে অসমৰ ভূমিত সমীপৰ ৰাজ্য নাগালেণ্ডে আগ্ৰাসন অব্যাহত ৰখাত অসমৰে স্থানীয় প্ৰশাসন তথা আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ জলন্ত নিৰ্দশন স্বৰূপে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত গেলেকী সংৰক্ষিত বনাঞ্চলৰ লগতে সীমান্তৱৰ্তী অসমৰ শ শ হেজাৰ হেক্টৰ ভূমি নাগালেণ্ডে দখল কৰাই নহয় অসমৰ ভূমিত নগাই গাওঁ স্থাপন কৰি স্কুল , গীৰ্জা ঘৰ , চৰকাৰী কাৰ্যালয় আদি স্থাপনেৰে আগ্ৰাসন অব্যাহত ৰাখিছে । আনকি নগাই অসম সীমান্তৰ জনগণৰ পোহনীয়া জীৱ , জন্তু বলপূৰ্বক ভাৱে নিয়াৰ উপৰি অপহৰণ , হত্যা আদি কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । শেহতীয়াকৈ যোৱা কালি গেলেকী আৰক্ষী থানাৰ সমীপৰ হাতীগড় অঞ্চলত নাগালেণ্ডৰ মুককচাং জিলাৰ তুলি ব্লকৰ অন্তৰ্গত নাগালেণ্ড চৰকাৰৰ ২০০৯ – ১০ বৰ্ষৰ আচনি মৰ্মে কান্তচুং নামাংকৰণেৰে ( ব্লক কৰ্ড – ২৩০৫০০১০১০/ আৰ চি / এল এ – ১০ পি এইচ আই ) এখন গাওঁ স্থাপনৰ প্ৰচেষ্টা কৰি পকী খুটা আৰু পকী নাম ফলক পুতি অসমৰ ভূমি দখলৰ চেষ্টা কৰে । এই খবৰ পাই নাজিৰা মহকুমা প্ৰশাসনৰ তৎপৰতাত ভাৰপ্ৰাপ্ত সীমান্ত দণ্ডাধীশ প্ৰীতম গগৈৰ উপস্থিতিত গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুলেন্দ্ৰ চেতিয়া আৰু গেলেকী আৰক্ষীৰ এটা দলে নিশা প্ৰায় ৭ – ৩০ বজাত গেলেকী সংৰক্ষিত বনাঞ্চলৰ হাতীগড় অঞ্চলৰ যথা স্থাপন উপস্থিত হৈ নাগালেণ্ড চৰকাৰে স্থাপন কৰা কান্তচুং নামাংকৰণৰ পকী নাম ফলক আৰু পকী খুটা উচ্ছেদ কৰি জব্দ কৰে ।

নিশা এই সমগ্ৰ ঘটনাৰ খবৰ সংগ্ৰহ কৰি উভতি আহোঁতে বাটত সংবাদসেৱী কেইজনক গেলেকী আৰক্ষীয়ে বেৰি ধৰি ভাৰপ্ৰাপ্ত বিষয়া দুলেন্দ্ৰ চেতিয়াই ” তহঁতি ইয়ালৈ কিয় আহিছ , তহঁতক মই মতা নাই , তহঁতি এই বাতৰি নকৰিবি ” আদি বিভিন্ন কটু বাক্যৰে অপদস্থ কৰে । লগে লগে সংবাদসেৱী কেইজনে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰাত সীমান্ত দণ্ডাধীশ প্ৰীতম গগৈ , মহকুমা আৰক্ষী বিষয়া প্ৰদীপ কোৱৰৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণ হয় । উল্লেখ্য যে , ১৯৬৩ চনত অসমৰ পৰা পৃথক নাগালেণ্ড ৰাজ্য প্ৰশাসনিক ভাৱে গঠন কৰাৰ দিনৰে পৰা নাগালেণ্ড চৰকাৰ , এন এছ চি এন খাপলাং আৰু মুইভা দুয়োটা গোটৰ লগতে নগা লোকেও সীমান্তৱৰ্তী অসমৰ ভূমি দখল বিভিন্ন সন্ত্ৰাসমূলক কাৰ্যৰে আগ্ৰাসন অব্যাহত ৰাখিছে । সুদীৰ্ঘ ৫৮ টা বছৰ অতিক্ৰম কৰাৰ পিছত কেইবাখনো চৰকাৰে শাসন শেষ কৰিলেও কোনো এখন চৰকাৰে অসম – নাগালেণ্ডৰ বিবদমান সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত স্থায়ীভাৱে সৱল পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । চৰকাৰৰ স্থানীয় প্ৰশাসন আৰু আৰক্ষী বিভাগেও নগাৰ এই আগ্ৰাসনত হাত উজান দি ৰহস্যজনক ভূমিকা পালন কৰি আহিছে এই কথা পুনৰ প্ৰতিয়মান হয় নাজিৰা মহকুমা প্ৰশাসন তথা গেলেকী আৰক্ষীৰ শেহতীয়া কাৰ্য । 

 

Leave A Reply