Breaking

পথ দুৰ্ঘটনাত আহত গায়িকা নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃ

0 2,115

ডেৰগাঁৱৰ সমীপৰ দাধৰাত মটৰ দুৰ্ঘটনাত আহত নাহিদ আফ্ৰিনৰ পিতৃ মাতৃ । চাকৰিসুত্ৰে অলপতে যোৰহাটলৈ বদলি হোৱাত নাহিদৰ পিতৃয়ে যোৱা ২৫ মে’ত যোৰহাটত যোগদান কৰিছিল । আজি নিজে গাড়ী চলাই পত্নীৰ সৈতে যোৰহাটলৈ গৈ থকা অৱস্থাতে কিছু সময় পূৰ্বে দাধৰাত তেওঁৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা গৈ পথাৰত বাগৰি পৰে । গাড়ীখন বিধ্বস্ত হয় যদিও ভাগ্যক্ৰমে দুয়ো ৰক্ষা পৰে । অৱশ্যে কিছু আঘাতপ্ৰাপ্ত হোৱাত দুয়োকে ডেৰগাওঁ পাব্লিক হেল্থ চিকিৎসালয়লৈ অনা হয় । চিকিৎসকে দুয়োকে পৰীক্ষা কৰি ভিতৰুৱা আঘাতৰ উমান পাই উন্নত চিকিৎসাৰ বাবে তেওঁলোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতাললৈ প্ৰেৰণ কৰিছে । এইমাত্ৰ নাহিদৰ পিতৃৰ সৈতে হোৱা টেলিফোনিক বাৰ্তাত তেওঁ জনায় যে পথৰ এটা গাতত চকা পৰাৰ পিছতেই তেওঁৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পানীত পৰেগৈ । বোকাৰে লুটুৰি পুতুৰি হৈ থকা অৱস্থাত দুয়ো কথমপি গাড়ীৰ পৰা ওলাই আহিবলৈ সক্ষম হয় বুলি তেওঁ জনায় । এই মুহুৰ্তত দুয়ো যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ গৈ থকা বুলি জানিবলৈ দিলে ।

Leave A Reply