Breaking

লাহৰীঘাটৰ কাঠনিত সংখ্যালঘু মহিলা সকলৰ বাবে নঈ ৰশ্মি আঁচনিৰ উদ্বোধন

0 2,049

যোৱা কালি মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কাঠনি গাঁও পঞ্চায়ত AHSUS ফাউণ্ডেশ্যনৰ উদ্যোগত নঈ -ৰশ্মি নামৰ আচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ ছয় দিনীয়া কাৰ্যসূচীৰে এখন প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰে। ভাৰতৰ চৰকাৰৰ নঈ-ৰশ্মি নামৰ আচনি খনৰ জৰিয়তে সংখ্যালঘু মহিলা সকলক কেনেদৰে সবলীকৰণ আৰু প্ৰৱল নেতৃত্বতৰ অধিকাৰী গড় দিব পৰা যায় তাৰ বাবেই  ৬ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে। শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও AHSUS ফাউন্ডেশনৰ সঞ্চালক তথা মৰিগাঁও জিলাৰ জেষ্ঠতম সাংবাদিক, লেখক উপেন চন্দ্র ডেকা।AHSUS ফাউন্ডেশনৰ প্ৰধান সচিব আহাদ উল্লাহ হাজৰিকাই। ডিজিটেল প্ৰজেক্টৰৰ সহায়ত প্ৰশিক্ষণ কেন্দ্ৰ ৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকে কাঠনি গাঁও পঞ্চায়তৰ বহু কেইটা আত্ম সহায়ক গোট মহিলা সকলকৰ লগতে গাঁও পঞ্চায়ত খনৰ সভানেত্ৰী ৰৌজনিল ফাৰুকি। উল্লেখ্য যে স্বাস্থ্য সম্পর্কে সজাগতাৰ ওপৰতো মহিলা সকলক বিভিন্ন ধৰণৰ দিশা-পৰামৰ্শ আগবঢ়ায় আশা চুপাৰ ভাইজাৰ পাৰবিন চুলতানা আৰু গীতা ডেকাই। 

Leave A Reply