Breaking

নয়না শইকীয়াই গৌৰাম্বিত কৰিলে ডিগবৈ মহাবিদ্যালয়ক, এন এছ এছ স্বেচ্ছাসেৱক ৰাষ্ট্ৰপতি বঁটা লাভ

0 154

টিংৰাই মেধাৱী ছাত্ৰী নয়না শইকীয়াই গৌৰাম্বিত কৰিলে ডিগবৈ মহাবিদ্যালয়ক ৷ যোৱা ২৪ ছেপ্তেম্বৰত ৰাষ্ট্ৰপতি ভৱনত ২০২০-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় সেৱা আচনিৰ অধিনত ৰাষ্ট্ৰপতি বঁটা প্ৰদান অনুষ্টানত ডিগবৈ মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সদস্যা নয়না শইকীয়াই এন এছ এছ স্বেচ্ছাসেৱক বঁটা গ্ৰহণ কৰি ডিগবৈ মহাবিদ্যাললৈ পুনৰ সুনাম কঢ়িয়াই আনে ৷

ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰ্যালয়ে ঘোষণা কৰা ৰাষ্ট্ৰীয় সেৱা আচনি বঁ‌টা ২০২০-২১ ৰ বাবে নিৰ্বাচিত হৈছিল নয়না শইকীয়া। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে যোৱা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত অনুষ্টিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নয়না শইকীয়ালৈ ৰূপৰ পদক, মানপত্ৰ, এক লাখ টকাৰ চেকসহ এই বঁটা প্ৰদান কৰে। দেশৰ ৩০ গৰাকী এনে স্বেচ্ছাসেৱক বঁটা প্ৰাপক ছাত্ৰ-ছাত্ৰী ভিতৰত অসমৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই বঁটা পাবলৈ সক্ষম হয় ৷ এই অনুষ্ঠানত অগণন গণ্য মান্য ব্যক্তিৰ লগতে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী অনুৰাগ ঠাকুৰ উপস্থিত থাকে ৷ ২০১৮-১৯ বৰ্ষত ৰাষ্ট্ৰীয় সেৱা আচনিৰ অধিনত সমাজলৈ বিভিন্ন সেৱাৰ বাবে ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাক্তণ ছাত্ৰী নয়না শইকীয়ালৈ আগবঢ়াই এই ৰাষ্ট্ৰীয় বঁ‌টা ৷ ইয়াৰ পূৰ্বেও ডিগবৈ কলেজৰ পৰা আন দুগৰাকী ছাত্ৰই এই বঁটা পাবলৈ সক্ষম হৈছিল ৷

নয়না শইকীয়া ডিগবৈ টিংৰাই বন গাঁও নিৱাসী ত্ৰিদীপ শইকীয়া আৰু সুৰভী শইকীয়াৰ এক মাত্ৰ কন্যা। উল্লেখ্য যে ২০১৮ বৰ্ষত ডিগবৈ মহাবিদ্যালয়ত ইংৰাজী বিভাগত স্নাতক বৰ্ষত নাম ভৰ্তি কৰা নয়না শইকীয়াই ডিগবৈ মহাবিদ্যালয়ৰ এন এছ এছ গোট যোগদান কৰি পিছলৈ সক্ৰিয় হৈ পৰে ৷ ২০১৮ চনৰ জুলাই মাহত গীস্মকালিন ইণ্টানশ্বিপ কাৰ্যসূচী যোগেদি ডিগবৈৰ পানবাৰী-বগাপানী সমীপৰ পথাৰবস্তি নামৰ গাওঁখনত স্বেচ্ছাসেৱক হিচাপে সেৱা প্ৰদান কৰিবলৈ সুবিধা লাভ কৰে ৷ উক্ত গাওঁৰ অঞ্চলত মাহ যোৰা কাৰ্যসূচীৰে গাওঁবাসীৰ সমস্যা সমূহ বুজ লয় ৷

পাছলৈ জিলা প্ৰশাসনৰ তত্বাৱধানত গাওঁখনত অনাময় আঁচনি জড়িয়তে দৰিদ্ৰ পৰিয়ালৰ ঘৰত শৌচালয় ব্যৱস্থাৰ কৰিবলৈ সক্ষম হৈছিল ৷ লগতে খোৱাপানী সু-ব্যৱস্থা নথকাত সতীৰ্থ ছাত্ৰ-ছাত্ৰী পৰা এশ টকাকৈ সংগ্ৰহ কৰি দৰিদ্ৰ লোকৰ ঘৰত পানী ফিল্টা যোগানৰ সুনিশ্চিত কৰিছিল ৷ লগতে ডিগবৈ ৩ নং বৰবিল অঞ্চলৰ ৰাজহুৱা স্থানত একোটাকৈ ডাজবিন প্ৰদান কৰিছিল সৰ্তীথ সকলৰ সৈতে ৷ একেটা বৰ্ষতে ডিচেম্বৰ মাহত চৰাইপুংৰ ভিতৰুৱা অঞ্চলত সপ্তাহ যোৰা বিশেষ প্ৰশিক্ষণ শিবিৰৰ যোগেদি পশু চিকিৎসা, কৃষিক্ষেত্ৰ, কাঠফুলা খেতিৰ প্ৰশিক্ষণ, জৈৱসাৰ, কেচু সাৰ প্ৰস্তুত কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ ওপৰত পাৰ্দশিতা দেখাবলৈ সক্ষম হৈছিল ৷

ইয়াৰ ওপৰিও নাগালেণ্ডত অনুষ্টিত হোৱা এন এছ এছ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিৱিৰত যোগদান কৰিবলৈ ডিগবৈ মহাবিদ্যালয় প্ৰতিনিধি হিচাপে সুযোগ লাভ কৰিছিল ৷ নয়না শইকীয়াই ডিগবৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত বৃক্ষ ৰোপন, ৰক্তদান, ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়াকৈ নামভৰ্তিৰ ক্ষেত্ৰত সহযোগিতা, সজাগতা সভা, বানত ক্ষতিগ্ৰস্থ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা আদি বিভিন্ন ক্ষেত্ৰৰ বিষয় সমূহত সজাগতা সৃষ্টিৰ বাবে যথেষ্ট তৎপৰতাৰে আগভাগ লৈছিল ৷

২০১৯ চনত ছাত্ৰী প্ৰতিনিধি হিচাপে ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত সাধাৰণ সম্পাদক পদত আছুৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি মাত্ৰ ১১ টা ভোট পৰাজিত হৈছিল ৷ ২০২১ বৰ্ষত ইংৰাজী বিভাগত ডিগবৈ মহাবিদ্যালয় পৰা স্নাতক ডিগ্ৰীত উত্তীৰ্ণ হৈ বৰ্তমান নয়না শইকীয়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্ত মহলাৰ ইংৰাজী বিভাগৰ অধ্যয়নত ছাত্ৰী।

Leave A Reply