Breaking

চামতাত ধৰ্মপুৰৰ ৩১ খন বিহু সমিতিলৈ ডেৰ লাখকৈ অনুদানৰ চেক বিতৰণ কৰিলে নলবাৰীৰ উপায়ুক্তই ….

0 41

কথা দি কথা ৰখা মানুহজনেই হল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষনা মৰ্মে কালি নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ ৩১ খন বিহু সমিতিলৈ অসম চৰকাৰে আগবঢ়ায় ডেৰ লাখকৈ টকাৰ চেক প্ৰদান কৰা হয় ৷ ধৰ্মপুৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদৰ প্ৰেক্ষাগৃহত কালি  ধৰ্মপুৰ সমষ্টিৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ ২৮ খন আৰু বানেকুছি ৰাজহ চক্ৰৰ ৩ খন বিহু উদদযাপন সমিতি সহ: মূঠ ৩১ খন বিহু সমিতিক আনুষ্ঠানিক ভাৱে ডেৰ লাখ টকাৰ একোখন চেক প্ৰদান কৰা হয় ৷ পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মা আৰু বিশিষ্ট সমাজকৰ্মী পবিত্ৰ কুমাৰ ডেকাৰ সামগ্ৰীক পৰিচালনাত অনুষ্ঠিত চেক বিতৰণ অনুষ্ঠানত ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ চেক সমুহ আনুষ্ঠানিক ভাৱে বিতৰণ কৰে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনে ৷

এই  কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলা অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়া , পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মা , সংলগ্ন চক্ৰ বিষয়া বেদান্ত বৰুৱা , বানেকুছি ৰাজহ চক্ৰ বিষয়া ড॰ অংকিতা শৰ্মা , পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিষয়া শিখামনি বৰা , মধুপুৰ খণ্ড উন্নয়ন বিষয়া মনোজ বৰ্মন , পকোৱা জিলা পৰিষদৰ সদস্য পৱিত্ৰ কুমাৰ ডেকা ৷ বিশিষ্ট সমাজ কৰ্মী পুলক শৰ্মা, অশোক দত্ত, ত্ৰিবেনী দত্ত আদি বিশিষ্ট লোক সকল ৷চেক বিতৰণৰ পূৰ্বে চামতাৰ প্ৰগতি বিহুৱা দলে বিহু হুঁচৰি পৰিৱেশন কৰে ৷ অনুষ্ঠানৰ আঁত ধৰে সমাজকৰ্মী দিলীপ বৰ্মন আৰু সাংস্কৃতিক কৰ্মী নজৰুল ইছলামে ৷ চেক প্ৰাপক বিহু উদযাপন সমিতিসমুহে মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ শলাগ লয় 

Leave A Reply