Breaking

বিশিষ্ট সমাজকৰ্মী অভিনেতা ধীৰেন কুমাৰ বৰ্মনক নৱজাগৰণৰ উদ্যোগত ‘বৰ্ষশ্ৰেষ্ঠ ব্যক্তি সন্মান ২০২২’ বঁটা প্ৰদান…

0 94

প্ৰতিবছৰৰ দৰে মহানগৰীৰ দিছপুৰত সামাজিক,সাংস্কৃতিক অনুষ্ঠান নৱজাগৰণৰ উদ্যোগত দিনযোৰাকৈ বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি সকলক সামাজিক, সাংস্কৃতিক অনুষ্ঠান নৱজাগৰণৰ উদ্যোগত বৰ্ষশ্ৰেষ্ঠ ব্যক্তি সন্মান ২০২২ বটা প্ৰদান কৰা হয় ।

সেইমৰ্মে নলবাৰী বিশিষ্ট সমাজকৰ্মী তথা অভিনেতা ধীৰেন কুমাৰ বৰ্মনক সামাজিক, সাংস্কৃতিক অনুষ্ঠান নৱজাগৰণৰ উদ্যোগত বৰ্ষশ্ৰেষ্ঠ ব্যক্তি ২০২২ বটা প্ৰদান কৰা হয় । বিশিষ্ট সমাজকৰ্মী গৰাকীক নৱজাগৰণৰ তৰফৰ পৰা গামোচা,জাপি,চেলেং চাদৰ, মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ।

আনহাতে এই বটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী পৰিমল চুক্লবৈদ্য,লেখিকা মৃণালিনী শৰ্মা দেৱী,বিশিষ্ট সাহিত্যিক ড৹ যতীন্দ্ৰ নাথ ডেকা,বিশিষ্ট কবি মণিকুন্তলা ভট্টাচাৰ্য সহ প্ৰমুখ্য কৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২২ বৰ্ষত বিশিষ্ট সমাজকৰ্মী তথা অভিনেতা ধীৰেন কুমাৰ বৰ্মনে ৰাষ্ট্ৰীয় পৰ্যায়ত ৩ টা আৰু ৰাজ্যিক পৰ্য্যায়ত ৬ টাকৈ বটা লাভ কৰি নলবাৰী জিলালৈ সুনাম কঢ়িয়াই আনিছে ।
-ধ্ৰুৱ জ্যোতি মালাকাৰ

Leave A Reply