Breaking

নলবাৰী সম্প্ৰতি পৰিণত হৈছে এখন সেউজ পৃথিৱীলৈ

0 2,241

নিৱনুৱা সমস্যা ৰাজ্য তথা দেশৰ এটা জলন্ত সমস্যা ।

কিন্তু শুভ বাৰ্তা এই যে সম্প্ৰতি অধিকাংশ যুৱক-যুৱতীয়ে কেৱল চৰকাৰী চাকৰীৰ পিছত দৌৰি নুফুৰি স্ব-নিৰ্ভৰশীল হোৱাৰ পথ মুকলাই লৈছে । নলবাৰীৰ ৯ গৰাকী যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠিছে এখন কৃষি পাম । পৰিলক্ষিত হয় যেন নলবাৰী এতিয়া এখন  সেউজ পৃথিৱীলৈহে ৰূপান্তৰিত হবলৈ ধৰিছে । এখনৰ পিছত এখনকৈ কৃষি পাম গঢ়ি লব ধৰিছে নলবাৰী জিলাত । নলবাৰী জিলাৰ অন্তৰ্গত ধনতোলাত ৯ গৰাকী যুৱকে প্ৰায় ৮০ বিঘা পাগলাদিয়া বালি চাপৰিত অধিক শ্ৰম কৰি আৰু উপযুক্ত পৰিকল্পনাৰে বিভিন্ন কৃষি কাৰ্যৰে “গ্ৰীণভেলি চোছাইটি” নামেৰে এখন কৃষি পাম গঢ়ি তুলিছে । এই যুৱককেইজন এতিয়া বৰ্তমান আন দহ জনৰ বাবে আদৰ্শ হৈ পৰিছে । এই যুৱক কেইজনৰ সপোন পাগলাদিয়া বালি চাপৰাত কৃষি পামৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ৰিৰ্জট ও মুকলি কৰা । লগতে তেওলোকৰ কৃষি পামত কৰ্মনিয়োজনৰ দ্বাৰা অলপ হলেও নিৱনুৱা সমস্যা ৰোধত অৰিহনা যোগোৱা মুল উদ্দেশ্য বুলি বাখ্যা কৰে গ্ৰীণভেলি চ’চাইটিয়ে  ।

Leave A Reply