Breaking

নলবাৰী জিলাৰ প্ৰতিটো জিলা পৰিষদ এলেকাত ক’ভিড হস্পিতাল আৰু ভেকচিন কেন্দ্র স্থাপনৰ দাবী নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

0 2,146

নলবাৰী জিলাত ক’ভিড মহামাৰীৰ সময়চোৱাত সৰ্বসাধাৰণ ৰাইজৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে নলবাৰী জিলাৰ প্ৰতিটো জিলা পৰিষদ এলেকাত ক’ভিড  হস্পিতাল আৰু ক’ভিড ভেকচিন কেন্দ্র স্থাপন কৰাৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী জিলা সমিতিয়ে । নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দ্বিপেন কলিতাই স্বাক্ষৰিত এক প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰে যে নলবাৰী জিলাৰ প্ৰতিটো জিলা পৰিষদৰ এলেকাত পৰ্যাপ্ত কোভিড ভেকচিন থকা আৰু আই চি ইউ ৰ সুবিধা থকা ক’ভিড হস্পিতালৰ স্থাপন কৰাৰ বাবে নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰে ।তদুপৰি প্ৰেছ বিবৃতি খনত উল্লেখ কৰে যে জিলাখনত  চিকিৎসা ব্যবস্থাৰ আন্তগাঠনি একেবাৰে শোচনীয় হৈ পৰাত উপযুক্ত চিকিৎসাৰ অভাৱত ইজনৰ  পিচত সিজন ক’ভিড ৰোগীৰ মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে । দিনক দিনে পৰিস্থিতি ভয়ানক হোৱাৰ পূৰ্বে জিলাখনৰ তিনিটা সমষ্টিত ৫০ টাকৈ  আই চি ইউ গোট থকা ৫০০ খন বিচনা থকা তিনিখন ক’ভিড হাস্পতাল স্থাপন কৰাৰ দাবী উত্থাপন কৰে নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।তদুপৰি নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দ্বিপেন কলিতাই প্ৰকাশ কৰে যে, ক’ভিড হস্পিতাল আৰু ভেকচিন কেন্দ্ৰ স্থাপনৰ বাবে  ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পুজিঁ সাতদিনৰ ভিতৰত জিলা প্ৰশাসনক  যোগান ধৰক আৰু এই ক’ভিড মহামাৰীৰ সময়ত জিলা খনৰ তিনিওজন নবনির্বাচিত বিধায়ক সক্ৰিয় হব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে দ্বিপেন কলিতাই । আনহাতে জিলাখনত ক’ভিড আক্ৰান্ত হৈ মৃত ব্যক্তিৰ পৰিয়ালক  আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই দ্বিপেন কলিতাই । তদুপৰি এই প্ৰেছ বিবৃতিত নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মনোজ ডেকাই দাবী উত্থাপন কৰে যে এই মহামাৰীৰ সময়ত অত্যাৱশকীয় সামগ্ৰী মূল্য ৰোধ কৰক  । লগতে এই ক’ভিড মহামাৰীৰ আতংকৰ সময়ত জিলাখনৰ সৰ্বসাধাৰণ ৰাইজক প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ ক’ভিড প্ৰটোকল মানি নিজৰ লগতে নিজৰ পৰিয়ালক ৰক্ষা কৰিবলৈ আহ্বান জনাই সভাপতি গৰাকীয়ে

Leave A Reply