Breaking

নলবাৰী জিলা উপায়ুক্তক আদৰনি নলবাৰী ৰেডক্ৰচ চোছাইটিৰ

0 2,124

নলবাৰী জিলাৰ নবনিযুক্ত উপায়ুক্ত গীতিৰানী ফুকনক নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভাৰতীয় ৰেডক্ৰচ চোছাইটিৰ, নলবাৰী জিলা শাখাৰ উদ্যোগত আজি আদৰনি জনোৱা হয়। নলবাৰী জিলা ৰেডক্ৰচ চোছাইটিৰ সম্পাদক পংকজ বৰ্মনৰ নেতৃত্বত জিলা ৰেডক্ৰচৰ এটি সজাতি দলে জিলা উপায়ুক্ত গৰাকীক লগ কৰি এখন ফুলাম গামোচাৰে নলবাৰী জিলালৈ স্বাগতম জনায়। ৰেডক্ৰচ ৰ সংবিধান অনুসৰি ভাৰতবৰ্ষৰ প্ৰত্যেক খন জিলাৰ উপায়ুক্তসকল সেই সংশ্লিষ্ট জিলাৰ সাংবিধানিক সভাপতি হয়। সেই অনুসৰি নলবাৰী জিলা ৰেডক্ৰচ চোছাইটিৰ বিভিন্ন কাৰ্যক্ৰমনিকা সন্দৰ্ভত জিলা উপায়ুক্ত তথা নলবাৰী জিলা ৰেডক্ৰচ চোছাইটিৰ সভাপতিৰ সৈতে আলোচনাত মিলিত হয়। ৰেডক্ৰচ হস্পিতালত কভিড কেয়াৰ চেন্টাৰ নিৰ্মাণ সন্দৰ্ভত ও কৰ্মকৰ্তা সকলে জিলা উপায়ুক্তক অবগত কৰে। আলোচনাৰ অন্তত ৰেডক্ৰচ ৰ মাস্ক আৰু চাবোন প্ৰদান কৰা হয়। নলবাৰী জিলা ৰেডক্ৰচ চোছাইটিৰ সম্পাদক পংকজ বৰ্মনে জিলা উপায়ুক্ত গৰাকীক তেখেতৰ সুবিধা অনুযায়ী এদিন ৰেডক্ৰচ হস্পিতাল আৰু কাৰ্যালয় পৰিদৰ্শন কৰাৰ বাবে অনুৰোধ জনায় লগতে অনাগত দিনত সহযোগিতা কামনা কৰে।

Leave A Reply