Breaking

নলিনীকান্ত বৰুৱাক অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান

0 2,059

প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাক আজি নগাঁৱত  অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান কৰা হয়।অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু ফটোগ্ৰাফী ইনষ্টিটিউট অৱ আছামৰ সহযোগত কিশলয় ভৱন প্ৰাঙ্গনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰখ্যাত আলোক চিত্ৰ শিল্পীজনক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে গামোচা,চেলেং,ফুলৰ থোপা,প্ৰশস্তি পত্ৰ ,স্মাৰক,নগদ বিশ হাজাৰ টকা। বঁটা প্ৰদান উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকাই কয়-‘আজিৰ দিনটো অসমৰ ফটোগ্ৰাফী ইতিহাসৰ নাবে উল্লেখযোগ্য দিন। অমূল্য মান্নাৰ মৃত্যু দিৱস। অমূল্য মান্না অথবা নলিনীকান্ত বৰুৱা আদিয়ে ফটো তোলাৰ সেই যুগ এতিয়া নাই।এতিয়া ডিজিটেল যুগ। আলোকচিত্ৰ এক কলা।এই কলাৰ বাবে সাধনা  লাগিব।সৃজনাত্মক দৃষ্টিভংগী থাকিব লাগিব।যদি নাথাকে তেনে আলোকচিত্ৰই অধিক দূৰ যাত্ৰা কৰিব নোৱাৰে।অমূল্য মান্না,নলিনীকান্ত বৰুৱা আদিয়ে আলোকচিত্ৰক কলালৈ ৰূপান্তৰিত কৰিছিল।’তেওঁ ভাষণ প্ৰসংগত জীৱিত কালতেই বিশিষ্ট ব্যক্তি সকলক সন্মান প্ৰদানৰ আহ্বান জনায়।বঁটা প্ৰদান অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰহৈ বিশিষ্ট আলোকচিত্ৰ শিল্পী অমূল্য মান্নাৰ জীৱন চৰ্যা সম্পৰ্কে বৰ্ণনা কৰে স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক মুকুল প্ৰসাদ বৰঠাকুৰে।ভাষন প্ৰদানত তেওঁ অমূল্য মান্নাই ‘দৈনিক অসম’ কাকতত ফটো সাংবাদিকতা আৰম্ভ কৰাৰ বিষয়ে বৰ্ণনা কৰে।জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াই আঁঁত ধৰা অনুষ্ঠানত বটা গ্ৰহণ কৰি বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাই কয় যে-‘মই ৯০ বছৰত ভৰি দিলো।কিন্তু এতিয়াও এখন ভাল ফটো তোলাৰ অপেক্ষাত আছো।মই অমূল্য মান্নাক কেতিয়াও পাহৰিব নোৱাৰো।আজি তেওঁৰ ল’ৰাই মাতি অনাত ভাল পাইছো।অমূল্য মান্নাৰ পুত্ৰই আইদেউ সন্দিকৈৰ জীৱন সম্পৰ্কীয় চলচ্চিত্ৰ নিৰ্মান কৰিছে।কিন্তু ৰজাঘৰৰ পৰা পাবলগীয়া উপযুক্ত সন্মান তেওঁ লাভ কৰা নাই।এই খন ৰজাঘৰৰ খেল ।ইয়াত তৈল মৰ্দন কৰিলেহে সন্মান লাভ কৰিব পাৰি।আমি কামহে কৰি গৈছো।’ সভাত ভাষন প্ৰসংগত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে অমূল্য মান্না আৰু নলিনীকান্ত বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিতহৈ আগবাঢ়ি যাবলৈ নৱ প্ৰজন্মৰ আলোকচিত্ৰ শিল্পী সকলক আহ্বান জনায়।সভাত  অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ সভাপতি তথা বিশিষ্ট সাংবাদিক ড° আবু হানিফাইও ভাষন প্ৰদান কৰে।সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই অমূল্য মান্নাৰ সু পুত্ৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্নাই।সভাখনত বিশিষ্ট সমাজসেৱী মুকুট চন্দ্ৰ ভূঞা,বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি,ক্ৰীড়া সংগঠক উজ্জ্বল বৰুৱাৰ লগতে পাপুল বৰা,সমীৰ মহন্ত,সপোনটি বৰদলৈ,ৰতিমোহন নাথ উপস্থিত থাকে।

Leave A Reply