Breaking

নন্দিতা শইকীয়াৰ আত্মাৰ সৎগতিৰ অৰ্থে ” দূৰ্নীতি বিৰোধী যুৱ শক্তি , অসম ” ৰ মৌন পোহৰ সমদল

0 1,624

 ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া ধেমাজি চহৰত এক দুৰ্ভাগ্যজনক পৰিস্থিতিত ৰিণ্টু শৰ্মা নামৰ এজন উন্মাদ যুৱকৰ আক্ৰমণৰ বলি হৈ পিছত চিকিৎসালয়ত কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ অসমত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এই ঘটনাক তীব্ৰ গৰিহণা দি ” দূৰ্নীতি বিৰোধী যুৱ শক্তি , অসম “ৰ শিৱসাগৰ জিলা সমিতিয়ে অভিযুক্ত ঘাতক ৰিণ্টু শৰ্মা আৰু এই ঘটনাৰ লগত জড়িত সকলক শীৰ্ঘ্ৰে গ্ৰেপ্তাৰ কৰি আইনগত ভাৱে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে । যোৱা নিশা সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ কৰুণ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি নাজিৰা মহকুমাৰ জয়া তিনিআলিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ উপৰি নন্দিতা শইকীয়াৰ বিদেহ আত্মাৰ সৎগতিৰ লগতে ‘ মহিলা সুৰক্ষা বিধেয়ক ‘ অৱলম্বনৰ উদ্দেশ্যে এক ” মৌন পোহৰ সমদল ” বাহিৰ কৰে । সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক সুনিল গগৈ , নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি দিগন্ত ফুকন , সম্পাদক বিতুল গগৈ আৰু বকতা আঞ্চলিক সমিতি বিষয় – ববীয়া সহ দুই শতাধিক যুৱক – যুৱতীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচী জয়া তিনিআলিৰ পৰা আৰম্ভ কৰি প্ৰায় দহ কিলোমিটাৰ জোৰি বকতাত সমৰণী মাৰে । 

Leave A Reply