গুৱাহাটীৰ নাৰায়ণ হাস্পতালৰ উদ্যোগত যোৰহাট আৰু শিৱসাগৰত বিনামূলীয়া চিকিৎসা শিবিৰ আৰু ফ্লাড ৰিলিফ বিতৰণ । Narayana Superspeciality Hospital
দেওবাৰে গুৱাহাটীৰ নাৰায়ণ ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ উদ্যোগত যোৰহাট আৰু শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চলত এক বৃহৎ বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।
চিকিৎসাসেৱাৰ উপৰিও হাস্পতালখনৰ দলটিয়ে যোৰহাটৰ বানপীড়িত ৰাইজৰ মাজত জৰুৰী খাদ্যসামগ্ৰী আৰু শিশু খাদ্য বিতৰণ কৰে।
এই বিশেষ মানৱীয় কাৰ্যসূচীত যোৰহাটৰ স্থানীয় ৰাইজে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়, যার বাবে নাৰায়ণ হাস্পতাল কৰ্তৃপক্ষই যোৰহাটবাসীৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে।
একেটা দিনতে নাৰায়ণ হাস্পতালৰ দুটাকৈ অভিজ্ঞ চিকিৎসা দল যোৰহাট আৰু শিৱসাগৰৰ বানপীড়িত অঞ্চললৈ ৰাওনা হয়।
শিৱসাগৰত অনুষ্ঠিত চিকিৎসা শিবিৰত পুৱাৰে পৰা নাৰায়ণ হাস্পতালৰ বিশিষ্ট নিউৰ’লজিষ্ট ডাঃ পূৰ্ণব্ৰতৰ নেতৃত্বত চিকিৎসকৰ দলে ৰাইজক চিকিৎসা সেৱা আগবঢ়ায়।
শিৱসাগৰৰ এই চিকিৎসালয় শিবিৰৰ পৰা ৩০০ তকৈও অধিক বানপীড়িত লোকে বিনামূলীয়া চিকিৎসা আৰু পৰামৰ্শ লাভ কৰে।
বানৰ পাছত সৃষ্টি হ’ব পৰা বিভিন্ন সংক্ৰামক ৰোগৰ প্ৰতি লক্ষ্য ৰাখি হাস্পতালখনৰ তৰফৰ পৰা প্ৰয়োজনীয় ঔষধো বিনামূলীয়াকৈ যোগান ধৰা হয়।
দুয়োটা অঞ্চলৰ স্বাস্থ্য শিবিৰত বিশেষকৈ শিশু, মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য পৰীক্ষাত অধিক গুৰুত্ব প্ৰদান কৰা হয়।
নাৰায়ণ ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে অতিশয় প্ৰশংসা কৰিছে।
সংকটৰ এই কঠিন সময়ত অসমৰ বানপীড়িত ৰাইজৰ কাষত সদায় থিয় দিয়াৰ প্ৰতিশ্ৰুতি দোহাৰে নাৰায়ণ হাস্পতাল কৰ্তৃপক্ষই।

