Breaking

পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত অসমবাসী ৰাইজলৈ নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী নীতিন গাডকাৰীৰ বিশেষ উপহাৰ…

0 61

কেন্দ্রীয় পথ পৰিবহন আৰু ঘাইপথ বিভাগৰ কেবিনেট মন্ত্রী নীতিন গাডকাৰীয়ে গুৱাহাটী পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আজি অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত মুঠ ১৭,৫০০ কোটি টকা ব্যয় সাপেক্ষে ২২টা ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্পৰ শিলান্যাস আৰু ৪টা প্রকল্প মুকলি কৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বলিষ্ঠ তথা দূৰদৰ্শী নেতৃত্বত “এক্ট ইষ্ট প’লিচী”ৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এতিয়া যাতায়াত-যোগাযোগ ব্যৱস্থা অতিকৈ সুগম হৈ পৰিছে, যাৰ যোগেদি সমগ্ৰ অসমত সূচনা হৈছে উন্নয়নৰ এক ন-দিগন্ত।

এই ছেগতে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৱল নেতৃত্বত অসমবাসী ৰাইজে যোগাযোগৰ সুবিধাৰ্থে এই সমগ্ৰ প্ৰকল্প সমূহ অতি নিয়াৰিকৈ সম্পন্ন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰা পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বিজেপিৰ ৰাজ্য়িক সভাপতি ভৱেশ কলিতাই।

Leave A Reply