Breaking

নৰেন্দ্ৰ মোডীৰ লকেল, কেতিয়া হ’ব ভকেল ?

0 55

অংকুৰ বৰুৱা

দেশৰ অৰ্দ্ধ সামৰিক বাহিনীৰ কেণ্টিনত থলুৱাভাৱে উৎপাদিত সামগ্ৰী উপলব্ধ কৰাৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এই বিষয়ে নিৰ্দেশনা জাৰি কৰিছে৷ আনহাতে দেশৰ গৃহমন্ত্ৰীয়েও এই দিশত বক্তব্য প্ৰদান কৰিছে৷ উল্লেখ্য যে বিশাল দেশ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সামগ্ৰী থলুৱাভাৱে উৎপাদন হয়৷ সম্পূৰ্ণ থলুৱাভাৱে উৎপাদন হোৱা সামগ্ৰীৰ তালিকাখন একেষাৰে কৈ শেষ কৰিব নোৱাৰি৷ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বহু সামগ্ৰী দেশৰ মানুহে উৎপাদন কৰি আহিছে৷ ইয়াৰে বহু সামগ্ৰীয়ে দেশৰ মানুহৰ মন জয় কৰিব পাৰিছে৷ উল্লেখ্য যে অসমতো তেনে সামগ্ৰী উৎপাদন হয়৷ চিৰা, সান্দহগুৰি আদিৰ পৰা আৰম্ভ কৰি বহু খাদ্য সামগ্ৰী অসমৰ উদ্যোগীয়ে উৎপাদন কৰি আছে৷ 
মন কৰিব লগা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অলপতে ‘লকেল আৰু ভকেল’ শব্দ প্ৰয়োগ কৰি দেশৰ থলুৱা উদ্যোগীক উৎসাহিত কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ সেই কথাই বিভিন্নজনে সঁহাৰি জনাইছিল৷ প্ৰকৃতাৰ্থত প্ৰধানমন্ত্ৰীৰ এনে উৎসাহজনক বক্তব্য ক’ৰোনাই ধ্বংস কৰা অৰ্থনীতিৰ সময়ত গুৰুত্বপূৰ্ণ৷ উল্লেখ্য যে দেশত থলুৱাভাৱে উৎপাদন হোৱা সামগ্ৰী অৰ্দ্ধ সামৰিক বাহিনীৰ কেণ্টিনত অহা ১ জুনৰ পৰা বিক্ৰী কৰাৰ বিষয়ে লোৱা সিদ্ধান্তৰ কথা সদৰি কৰিছিল৷ ইয়াৰ দ্বাৰা ক্ষুদ্ৰ উদ্যোগ আৰু খাদী উদ্যোগ লাভান্বিত হ’ব৷ সমগ্ৰ দেশত ১৭০০ কেন্দ্ৰীয় আৰক্ষী কেণ্টিন আছে৷ ইয়াত নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ লগতে কাপোৰৰ পৰা আৰম্ভ কৰি উপহাৰৰ সামগ্ৰী বিক্ৰী হয়৷ এই কেণ্টিনত বছৰী ২৮০০ কোটি টকাৰ সামগ্ৰী বিক্ৰী হয়৷ ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পাছত এই তথ্য পোহৰলৈ আহিছে৷
আনহাতে প্ৰধানমন্ত্ৰীৰ এই আহ্বানক সম্পূৰ্ণ সঁহাৰি জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ ইয়াৰ লগতে এই কথা পৰিষ্কাৰ হয় যে দেশত থলুৱাভাৱে উৎপাদন হোৱা সামগ্ৰীৰ এখন ভাল বজাৰ আছে৷
মন কৰিব লগা যে অসমত নিতৌ বহু সামগ্ৰী থলুৱাভাৱে উৎপাদন হৈ আছে৷ শেহতীয়াকৈ মাস্ক উৎপাদন কৰি অসমৰ উদ্যোগীয়ে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিছে৷ ৰাজ্যখনত উৎপাদিত সামগ্ৰীৰ এক সুকীয়া মান প্ৰতিপন্ন হৈ আছে৷ যিহেতু ৰাজ্যবাসীয়ে শেহতীয়াকৈ গামোচাৰ মাস্ক সহজে গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ আনহাতে গুৱাহাটীৰ ‘ভোগালী’ নামৰ প্ৰতিষ্ঠানটোৰ লগতে অসমৰ বহু প্ৰতিষ্ঠানে থলুৱাভাৱে খাদ্য সামগ্ৰী উৎপাদন কৰি আছে৷ 
ইয়াৰ লগতে অসমৰ আত্মসহায়ক গোটবোৰে বিভিন্ন সময়ত খাদ্য সামগ্ৰী বজাৰত উলিয়াই ক্ৰেতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি অসমৰ কেইটামান থলুৱা উদ্যোগে ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্যৰো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ 
এনে সময়ত কেন্দ্ৰীয় চৰকাৰে এই থলুৱা উদ্যোগবোৰলৈ গুৰুত্ব আৰোপ কৰিবনে বুলি বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে৷ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়ত দেশত ভাগি পৰা অৰ্থনীতি পুনৰ উজ্জিৱীত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে এনে পদক্ষেপৰ জৰিয়তে অসমৰ থলুৱা উদ্যোগীলৈ আশাৰ সঞ্চাৰ কৰিব বুলি বিভিন্ন মহলে আশা প্ৰকাশ কৰিছে৷ এনেসময়তে বিভিন্নজনে প্ৰশ্ন কৰিছে নৰেন্দ্ৰ মোডীৰ লকেল, কেতিয়া হ’ব ভকেল?

Leave A Reply