Breaking

দাপোন দ্যা মিৰৰ আমাৰ গাঁৱত নাট কৰ্মশালা সামৰণি

0 1,095

ওদালগুৰি জিলাৰ অন্তৰ্গত আমাৰ গাওঁ স্থিত নাট্যকাৰ পবিত্ৰ ৰাভাৰ দাপোন দ্যা মিৰৰত চলি থকা নাট কৰ্মশালা খন আজি অন্ত পৰে। নাট্যকাৰ বিক্ৰম মোহনৰ পৰিচালনাত অনুষ্ঠিত হোৱা “ইণ্ড গেম” নামৰ উক্ত নাট খনত ২৫ জন শিশু শিল্পীয়ে অভিনয় কৰে।দক্ষিণ দিল্লীৰ বাসিন্দা পৰিচালক বিক্ৰম মোহনে Amsterdamঅত Performing artsঅৰ শিক্ষালৈ ভাৰতৰ বিভিন্ন ঠাইত নাট কৰ্মশালা পাতি ছাত্র ছাত্ৰীক প্ৰশিক্ষণ দি আছে বুলি ব্যক্ত কৰি কয়।টংলাৰ দাপোন দ্যা মিৰৰত স্থানীয় ল’ৰা-ছোৱালী কেইজনমানক লৈ কৰা দহ দিনীয়া কৰ্মশালা এটাৰ অন্তত এই অনুষ্ঠান পতা হৈছিল। এক ব্যতিক্ৰমী অনুষ্ঠান।ইয়াত কোনো নিৰ্দিষ্ট কাহিনী নাই।

পানী, বতাহ, শক্তি, সুন্দৰ, বৰষুণৰ পৰা ইউক্ৰেইন, অলকাইদা, ডিক্টেটৰলৈ কিছুমান ধাৰণা (concept, idea) লোৱা হৈছে আৰু অংগ সঞ্চালনৰ দ্বাৰা সেইবোৰ উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে। এটা চৰিত্ৰ ৰূপায়ণৰ পূৰ্বে সেই চৰিত্ৰটোৰ সৈতে কিদৰে নিজক সংযুক্ত কৰিব লাগে, শৰীৰৰ বিভিন্ন অংগ সঞ্চালনৰ দ্বাৰা কিদৰে সেই চৰিত্ৰ নিখুঁত ভাবে ফুটাই তুলিব পাৰি এয়া তাৰেই প্ৰশিক্ষণ। অনস্বীকাৰ্য, এয়া খুবেই প্ৰয়োজনীয় প্ৰশিক্ষণ বুলি ধাৰণা কৰিব পাৰি।

Leave A Reply