Breaking

‘গান্ধী-গডছে এক যুদ্ধ’ৰ টিজাৰ মুকলি কৰিলে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে…

0 56

ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক ৰাজকুমাৰ সন্তোষী নতুন বছৰত পুনৰ কেমেৰাৰ পিছফালে ঘুৰি আহিছে। এসপ্তাহ পূৰ্বে তেওঁ ‘গান্ধী-গডছে এক যুদ্ধ’ চলচ্চিত্ৰখনৰ  ঘোষণা কৰিছিল। এইবাৰ ছবিখনৰ টিজাৰ মুকলি হৈছে। নৰমপন্থী মহাত্মা গান্ধী আৰু চৰমপন্থী নাথুৰাম গডছেৰ মাজৰ আদৰ্শগত যুদ্ধৰ বিষয়কলৈ নিৰ্মিত হৈছে চলচ্চিত্ৰখন।

সন্তোষীয়ে ‘ঘায়েল’, ‘দামিনী’, ‘ঘাটক’, ‘খাকী’, ‘আন্দাজ আপনা আপনা’, ‘লজ্জা’, ‘আজব প্ৰেম কি গজব কাহানী’ৰ দৰে জনপ্ৰিয় ছবি দৰ্শকক উপহাৰ দিছে। এইবাৰ তেওঁৰ চিনেমাখন ঐতিহাসিক প্ৰেক্ষাপটত নিৰ্মিত হ’ব। সোমবাৰে নিশা টিজাৰটো ওলাইছে। এইখন ২০২৩ চনৰ আটাইতকৈ চৰ্চিত চলচ্চিত্ৰসমূহৰ ভিতৰত এখন।

এক কাল্পনিক পৃথিৱীৰ ওপৰত আধাৰিত ছবিখনত দেখুওৱা হ’ব যে গান্ধী আক্ৰমণৰ পৰা বাচি গৈছিল। তেওঁ নাথুৰাম গডছেক লগ কৰিবলৈ কাৰাগাৰলৈ গৈছে। তেতিয়া দুয়োৱে তৰ্কত লিপ্ত হ’ব। চলচ্চিত্ৰখন অহা ২৬ জানুৱাৰীত মুক্তি পোৱাৰ কথা আছে।

চলচ্চিত্ৰখনত ১৯৪৭-৪৮ চনৰ ভিতৰত মহাত্মা গান্ধী আৰু নাথুৰাম গডছেৰ মাজৰ আদৰ্শগত পাৰ্থক্য দেখুওৱা হৈছে। যিটো এখন কাল্পনিক পৃথিৱীৰ চাৰিওফালে আৱৰ্তিত। য’ত মহাত্মা গান্ধী তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ পৰা বাচি থাকিব আৰু পিছত কাৰাগাৰলৈ গৈ নাথুৰামক লগ কৰিব আৰু তেওঁলোকৰ বাৰ্তালাপ উন্মোচিত হ’ব।

Leave A Reply