Breaking

‘নেশ্যনেল ক্ৰাছ’ তৃপ্তী ডিমৰিক দেখিবলৈ পাব আগন্তুক ছবি ‘bhool-bhulaiyaa-3’ত! আজি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰে অভিনেত্ৰীগৰাকীয়ে…

0 33

‘নেশ্যনেল ক্ৰাছ’ৰ মৰ্যাদা লাভ কৰা অভিনেত্ৰী তৃপ্তী ডিমৰিক দেখিবলৈ পাব আগন্তুক ছবি ‘bhool-bhulaiyaa-3’ত!
প্ৰথমবাৰৰ বাবে কাৰ্তিক আৰিয়ানৰ সৈতে দেখা যাব অভিনেত্ৰীগৰাকীক। এনে পৰিস্থিতিত তেওঁ কমেডী ছবিখনৰ বিষয়ে বহু তথ্য শ্বেয়াৰ কৰিছে। শেহতীয়াকৈ ৰণবীৰ কাপুৰৰ এনিমেল ছবিত দেখা পোৱা গৈছিল অভিনেত্ৰীগৰাকীক আৰু তেওঁ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল।


ৰণবীৰ-কাপুৰ অভিনীত ছবি ‘এনিমেল’ মুক্তি পোৱাৰ ঠিক পিছতেই তৃপ্তীৰ কেৰিয়াৰ সলনি হয়। আনহাতে আজি অভিনেতা ৰাজকুমাৰ ৰাওৰ সৈতে, অভিনেত্ৰী তৃপ্তী ডিমৰিকে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক সাক্ষাৎ কৰে।
এই বৈঠকৰ সময়ত মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যত চলচ্চিত্ৰ নিৰ্মাণৰ সম্ভাৱনা সন্দৰ্ভত সকলো শিল্পীৰ সৈতে বিতংভাৱে আলোচনা কৰে।

Leave A Reply