Breaking

সাপকাটাত ৰাষ্ট্ৰীয় পতাকা বিক্ৰি কেন্দ্ৰ মুকলি…

0 83

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ঘোষনা কৰা “আজাদী কা অমৃত মহোৎসব”ৰ লগত সংগতি ৰাখি চৰকাৰে ঘোষনা কৰা ” হৰ ঘৰ তিৰংগা” অভিযানৰ প্ৰতি লক্ষ্য কৰি আজি গোসাইগাঁও মহকুমাৰ সাপকাটাত ৰাষ্ট্ৰীয় পতাকা বিক্ৰি কেন্দ্ৰ মুকলি কৰা হয় ৷

কচুগাঁও উন্নয়ন খন্ডৰ অধিনৰ ক্লাষ্টাৰ লেভেল ফেডাৰেচনৰ উদ্যোগত সাপাকাটা বজাৰত ৰাষ্ট্ৰীয় পতাকা বিক্ৰি কেন্দ্ৰটো শুভ উদ্বোধন কৰে কচুগাঁও উন্নয়ন খন্ড বিষয়া ছানছুমা বসুমতাৰীয়ে ৷ কচুগাঁও উন্নয়ন খন্ডৰ অধিনৰ আত্ম সহায়ক গোটৰ মহিলা সকলে নিজ হাতেৰে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা সমুহ উক্ত কেন্দ্ৰত বিক্ৰি কৰিব ৷

অনুষ্ঠানত খন্ড প্ৰকল্প প্ৰৱন্ধক প্ৰকাশ নাৰ্জাৰী,স্থানীয় ভিচিডিচিৰ সভানেত্ৰী পম্পী ভৌমিক,সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিবপ্ৰসাদ কলিতা সহ কেবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Leave A Reply