Breaking

ওদালগুৰিত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ শুভাৰম্ভণি…

0 33

ওদালগুৰি জিলা সমাজ কল্যাণ বিভাগ‌ আৰু মহিলা সবলীকৰণৰ বাবে জিলা হাবৰ উদ্যোগত দেওবাৰৰ পৰা “সবলীকৰণ: সমতা আৰু সুযোগৰ বাবে‌ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন” এই মূল মন্ত্ৰৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসটো সপ্তাহ যোৰা কাৰ্যসূচীৰে সমগ্ৰ জিলাতে উদযাপন কৰাৰ প্ৰস্তুতি লোৱা হৈছে।সেই অনুসৰি আজি ওদালগুৰি সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ শুভাৰম্ভণি অনুষ্ঠান হৈ যায়। মহিলা সবলীকৰণ বিভাগৰ কৰ্মী মাইনাওশ্ৰী বড়োই আত ধৰা অনুষ্ঠানটোত সভাপতিত্বত কৰে সমাজ কল্যাণ বিভাগৰ বিষয়া ধীৰাজ কুমাৰ তালুকদাৰে।

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা ভাৰতীয় ৰেড ক্ৰছ ছছাইটি ওদালগুৰি জিলা শাখাৰ সম্পাদক তথা এম আৰ এছ ডি এন জি অৰ অধ্যক্ষ মিলন দাসে সকলোকে কন্যা শিশুৰ শপত গ্ৰহণ পাঠ কৰোৱায় আৰু শেষত সকলোৱে স্বাক্ষৰ অভিযান এটি কৰে। অনুষ্ঠানটোত মাজবাটৰ শিশু বিকাশ প্ৰকল্প বিষয়া অঞ্জনা ব্ৰহ্ম, ৰৌতাৰ শিশু বিকাশ প্ৰকল্প বিষয়া পৰিষ্মিতা দাস, ৰʼজ এন জি অৰ পৰিচালক ললিত বড়োৰ লগতে ওদালগুৰি সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু কৰ্মচাৰী সকলে অংশগ্ৰহন কৰে। অনুষ্ঠানৰ লগতে আয়োজন কৰা প্ৰেছ বিজ্ঞপ্তিত ধীৰাজ কুমাৰ তালুকদাৰে জনায় যে আজিৰে পৰা আৰম্ভ হোৱা উক্ত অনুষ্ঠানত সমগ্ৰ জিলাখনতে চলি থাকিব বুলি জানিবলৈ দিয়ে।

Leave A Reply