Breaking

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চা বিচাৰক সংগ্ৰাম বেজবৰুৱাৰ আকস্মিক মৃত্যু

0 183

শিৱসাগৰ নগৰৰ ঐতিহ্যমণ্ডিত বেজবৰুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষৰ বেজবৰুৱাৰ চুকৰ বাসিন্দা প্ৰয়াত ব্ৰজেন বেজবৰুৱাৰ পুত্ৰ তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত শৰীৰ চৰ্চা ক্ৰীড়াৰ বিচাৰক ও প্ৰশিক্ষক সংগ্ৰাম বেজবৰুৱাৰ আকস্মিক মৃত্যুত শোকাকূল শিৱসাগৰ, শোকাকূল ক্ৰীড়া জগত।

৪২ বছৰীয়া সংগ্ৰাম বেজবৰুৱাই ১০ অক্টোবৰৰ আবেলি প্ৰায় ৪-৩০ মান বজাত নিজ গৃহৰ কাষতে লাগি থকা তাৰা এণ্ড বেজবৰুৱাৰ শৰীৰ চৰ্চা কেন্দ্ৰটোতে থিয় হৈ নিজ ভাড়া ঘৰৰ কেইজনমান ভাৰাতীয়াৰ সৈতে কথা পাতি আছিল। তেওঁৰ পিয়াহ লগাত ঘৰৰ ভিতৰলৈ সোমাই আহি ফ্ৰীজৰ পৰা পানী বটল এটা হাতত লৈ খাবলৈ লওঁতেই হঠাৎ তেওঁ ঢলি পৰে। লগে লগে পৰিয়ালৰ লোকে তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে।

এগৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াৰ লগত জড়িত ব্যক্তিৰ এনেদৰে আকস্মিক মৃত্যু হোৱাৰ খৱৰ লাভ কৰাৰ পিছতেই তেওঁৰ গৃহত অগণন গুণমুগ্ধ আৰু পৰিয়ালবৰ্গই আহি ভিৰ কৰেহি। বুধবাৰে নিশা ৯ বজাত এক শোকাকূল পৰিৱেশৰ মাজতে নগৰৰ থানামুখ শান্তীবন স্মশানত সংগ্ৰাম বেজবৰুৱাৰ শেষকৃত্য সম্পন্ন কৰা হয়। উল্লেখ্য যে সংগ্ৰাম বেজবৰুৱা এগৰাকী শৰীৰ চৰ্চাবিদ হোৱাৰ লগতে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী বিচাৰক হোৱাৰ ওপৰি তেওঁ আছিল এগৰাকী শৰীৰ চৰ্চাৰ প্ৰশিক্ষক। পঞ্জাৱ প্ৰদেশত শৰীৰ চৰ্চাৰ ওপৰত বিশেষভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰি বিগত ২০০০ চনৰ পৰা তেওঁ ওতঃপোত ভাৱে ইণ্ডিয়ান বডি বিল্ডিং ফেডাৰেশ্বনৰ সৈতে জড়িত হৈ পৰে।

এসময়ত অসম ৰাজ্যিক বড়ি বিল্ডিং এছচিয়েশ্বনৰ সম্পবাদকৰ দায়িত্ব পালন কৰি পিছলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰা সংগ্ৰাম বেজবৰুৱাই মৃত্যুৰ সময়লৈকে ইণ্ডিয়ান বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্বনৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদকৰ দায়িত্ব পালন কৰা একমাত্ৰ ব্যক্তি আছিল। তেওঁৰ মৃত্যুত শিৱসাগৰ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ, সংগ্ৰামী সেনা অসম, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আটাছু, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা, শিৱসাগৰ জিলা কংগ্ৰেছ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম, বিশিষ্ট ক্ৰীড়াবিদ পৱন কুমাৰ দত্ত, ইন্দ্ৰ গোঁহাই, জ্যেষ্ঠ সাংবাদিক প্ৰণৱ হাজৰিকা, পুৰুষুত্তম কলিতা, সৃজনী সাহিত্য সভা, আমগুৰি যুৱ জামাত, অৰুনোদয় সাহিত্য সভা, বিজেপি নেতা ৰাহুল গগৈ, যুৱ সমাজকৰ্মী বেদজ্যোতি ভূঞা, সৌৰভ ভাগৱতী, বিমান চুতীয়া আদি কৰি অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন আদিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ দুগৰাকী ভগ্নীৰ লগতে খুড়াক প্ৰবীণ বেজবৰুৱাৰ সহিতে এটি পৰিয়াল ইহ সংসাৰত এৰি থৈ যায়। ইফালে সংগ্ৰাম বেজবৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ইণ্ডিয়ান বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্বনে।

Leave A Reply