Breaking

মৰিগাঁৱাৰ বৰালিমাৰী হয়বৰগাঁৱত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন

0 946

১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় পোষণ মাহ উদ্‌যাপন হৈ আছে । মৰিগাঁও জিলাৰ লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ৰেহেনা চুলতানৰ গ্ৰুপৰ উদ্দোগত হয়বৰগাঁও মিৰিকামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত পোষণ মাহ উপলক্ষে বিস্তৃত কাৰ্যসূচীৰে পোষণ সজাগতাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই উপলক্ষে পুৱা ৭ টা অংগনাবাডী কেন্দ্ৰৰ কৰ্মী, সহায়িকা সকলে স্বচ্চতাৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ ইয়াৰ পিছতে কেন্দ্ৰটোৰ শিশু সকলক আৰু তেওঁলোকৰ মাতৃ সকলক যোগাসনৰ সজাগতাৰ বিষয়ে কোৱা হয় আৰু যোগাসন কৰোৱা হয় । ইয়াৰ পিছতে হয়বৰগাঁও মিৰিকামাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ফকৰ উদ্ভিদ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হয় পোষণ সজাগতা সভা ৷

সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু থলুৱা শাক-পাঁচলিৰ প্ৰদৰ্শনী মুকলি কৰা হয় । মুখ্য অতিথি হিচাপে সভাত উপস্থিত থাকে হয়বৰগাঁও মিৰিকামাৰী বিদ্যালয়ৰ সহকাৰী শিক্ষক গিয়াছ উদ্দিন আহমেদ। সভাৰ মূখ্য অতিথি তথা হয়বৰগাঁও মিৰিকামাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গিয়াছ উদ্দিন আহমেদে ভাষণ প্ৰদান কৰি পোষণ মাহৰ তাৎপৰ্য্য ব্যাখ্যা কৰে আৰু পুষ্টিকৰ সহজলভ্য খাদ্য, পৰিস্কাৰ পৰিচ্চন্নতা, ক’ভিড সজাগতা আদি বিষয়ৰ ওপৰত বহল ব্যাখ্যা আগবঢ়াই সকলোকে সজাগ কৰে ৷ উক্ত অনুষ্ঠানত অংগনাবাডী কৰ্মী আৰু সহায়িকাসকলে গীত, কবিতা, ঘোষা নাম, বিয়াগীত, নাটক আদি পৰিৱেশন কৰে । অংগনবাদী কৰ্মী ৰেহেনা চুলতানাই আতধৰা ৰাষ্ট্ৰীয় পোষণ মাহ উদ্‌যাপনৰ অনুষ্ঠানত অংগনাবাডীৰ কৰ্মী আৰু সহায়িকাসকল, স্বাস্থ্য কৰ্মী , আশা কৰ্মীৰ লগতে স্থানীয় ৰাইজে অংশ লয় ।উল্লেখযোগ্য যে পোষণ সজাগতা সভাৰ কাৰ্যসূচীত বৃক্ষ ৰোপন আৰু ECCE DAY ৰ কাৰ্যসূচীয়ে বিশেষ বাবে স্থান লাভ কৰে।

Leave A Reply