Breaking

জাতীয় কবি নীলমণি ফুকনৰ ৮৯সংখ্যক ওপজাদিন পালন।’মই দেখা নীলমণি ‘উন্মোচন।

0 1,052

দেৰগাঁৱৰ ঐতিহাসিক আজাদ পুস্তকালয়ৰ  উদ্যোগত পুস্তকালয়ৰ এগৰাকী  প্ৰতিষ্ঠাপক ,দেৰগাঁৱৰ সুসন্তান  তথা অসমৰ জাতীয় কবি আখ্যায়িত নীলমণি ফুকনৰ  ৮৯ সংখ্যক ওপজাদিন ১০ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে ক’ভিড  নীতি মানি  উদযাপন  কৰা হয়। এই উপলক্ষে পুৱা জাতীয় কবি গৰাকীৰ ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি মুকলি সভা,  গ্ৰন্থ উন্মোচন , বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়।সম্পাদক ৰাজেন পূজাৰীয়ে আঁতধৰা মুকলি সভাত সভাপতিত্ব কৰে আজাদ পুস্তকালয় ঐতিহ্য স্মাৰক সমিতিৰ সভাপতি অধ্যাপক পদ্মলোচন নাথে। সভাত মুখ্য বক্তা হিচাপে  বিশিষ্ট কবি অজিত গগৈ, বিশিষ্ট অতিথি হিচাপে  বিশিষ্ট কবি, সমালোচক  নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক  ৰাজীৱ বৰা, বিশিষ্ট ঔপন্যাসিক , গল্পকাৰ জুৰি বৰা বৰগোহাঞি, বিশিষ্ট সমাজকৰ্মী নুৰুল চুলতান আদি ব্যক্তি সকল উপস্থিত থাকে ।বিশিষ্ট অতিথিৰ ভাষণত কবি অজিত গগৈয়ে নীলমণি ফুকনৰ অৱদান ব্যক্ত কৰি অসমীয়া কাব্য সাহিত্যত তেখেতৰ অৱদান একক আৰু অনন্য বুলি অভিমত ব্যক্ত কৰে।এই অনুষ্ঠানত জাতীয় কবি গৰাকীৰ  পুত্ৰ  কবি -সুলেখক অমিতাভ ফুকনৰ ৰচিত  ” মই দেখা নীলমণি’ শীৰ্ষক  জীৱন আধাৰিত   গ্ৰন্থখনি পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিয়ে কবি নীলমণি ফুকনৰ ভাতৃ  তৰুণ ফুকনে।উল্লেখযোগ্য যে, বনলতা প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখন অসমীয়া সাহিত্যৰ লগতে সামাজিক ইতিহাসৰ কিছু তথ্য ৰ উৎস হৈ পৰিছে। সহজ সৰল কবিজনাৰ কিছু অনাৱস্কৃত দিশো উন্মোচিত হোৱা গ্ৰন্থখনত কবিৰ আত্মজীৱনী ত প্ৰকাশ নোহোৱা বহুতো কথাই সন্নিবিষ্ট হৈছে।আজাদ পুস্তকালয়ৰ উদ্যোগত কুৰালগুৰি উ:মা:বিদ্যালয়ৰ অধ্যক্ষা জ্যোতিকুমাৰী শৰ্মাৰ সম্পাদনাত  ই-আলোচনী  ” আজাদ ” ৰ প্ৰথম সংখ্যাটো  নীলমণি ফুকনৰ ওপজাদিনৰ বিশেষ সংখ্যা ৰূপে  প্ৰকাশ কৰা হয়।গাৰ্গী ভূঞাৰ” বাখৰু”এই সভাতেই উন্মোচন কৰা হয় ।সভাত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলকো বঁটা প্ৰদান ক’ৰা হয়। আজাদ পুস্তকালয় প্ৰাঙ্গণত  আয়োজন কৰা আজিৰ অনুষ্ঠানত কবি যুতিমালা বৰঠাকুৰকে ধৰি কেইবাগৰাকী ছাত্র ছাত্ৰীয়ে নীলমণি ফুকনৰ কবিতা আবৃত্তি কৰে।আৰম্ভণিতে আজাদ পুস্তকালয় চৌহদত বৃক্ষ ৰোপন কৰে নীলমণি ফুকণৰ ভাতৃ তৰুণ ফুকণে।কভিদ নীতি মানি অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজে ভাগ লয়।

Leave A Reply