Breaking

কলকাতাত “আজিৰ কবিতা”ৰ ৰাষ্ট্ৰীয় কবি সমাৰোহ সম্পন্ন, পোন্ধৰখনকৈ গ্ৰন্থ উন্মোচনঃ পোন্ধৰগৰাকী বিশেষ ব্যক্তিক বঁটা প্ৰদান

0 51

কবিতাক গণমুখী তথা বিশ্বমুখী কৰাৰ লক্ষ্যৰে কবিতা আৰু কবিতা বিষয়ক পত্ৰিকা আজিৰ কবিতা ৰ উদ্যোগত, মেজাংকৰি প্ৰকাশন, গুৱাহাটী আৰু হিন্দী সাপ্তাহিক কাকত প্ৰজ্ঞা মেইল, দিল্লীৰ সহযোগত যোৱা ২৪ জুলাইত কলকাতাৰ নিউটাউনস্থিত ৰবীন্দ্ৰ তীৰ্থ” ত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কবি সমাৰোহ অনুষ্ঠিত হয়। “আজিৰ কবিতা”ৰ সম্পাদক বিনয় চলিহাই আঁতধৰা আৰু বিশিষ্ট সাংবাদিক,সাহিত্যিক তথা আজিৰ কবিতাৰ মুখ্য সম্পাদক ড° ভৱেশ দাসে সঞ্চালনা কৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি, বিশিষ্ট সাহিত্যিক দীল্ স লক্ষ্মীন্দ্ৰ সিংহই।

ঊষামণি শইকীয়াৰ পৰিচালনাৰে পৰিবেশিত সমবেত সংগীতৰ পিছতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক কবিৰ অসমীয়া,বাংলা, মণিপুৰী, উৰিয়া, মালায়ালম,হিন্দী, উৰ্দু, ইংৰাজী ভাষাৰ কবিতাৰে মুখৰিত হয় কবিগুৰু ৰবীন্দ্ৰনাথৰ স্মৃতি বিজড়িত ৰবীন্দ্ৰ তীৰ্থ। অনুষ্ঠানত কলকতা ৰাষ্ট্ৰীয় কবি সমাৰোহ বিশেষ সংখ্যা “আজিৰ কবিতা” (বত্ৰিশ বৰ্ষ তৃতীয় সংখ্যা) আৰু মেজাংকৰি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত তিনিকুৰি পোন্ধৰ গৰাকী নিৰ্বাচিত অসমীয়া কবিৰ কবিতাৰ বাংলা অনুবাদৰ সংকলন “এক গুচ্ছ অসমীয়া কবিতা” উন্মোচন কৰাৰ লগতে অধীৰ চন্দ্ৰ দাসৰ কাব্যগ্ৰন্থ “তেজে দাগ কটা ৰাতি”, চুমী ৰহমানৰ বাংলা অনুবাদ গ্ৰন্থ “কাজিৰাঙাৰ অজানা ৰহস্য, ইংৰাজীগ্ৰন্থ “Unknown Mystery of Kaziranga”, দিলীপ কুমাৰ নন্দীৰ বাংলা কাব্যগ্ৰন্থ “তনয়াৰ ছন্দে”, মান্তাছা জাহাঙ্গীৰ ইংৰাজী কাব্যগ্ৰন্থ Our Actions” , চন্দ্ৰমা শৰ্মাৰ উপন্যাসিকা “অনুৰাগ”, অজয় বৰুৱাৰ প্ৰৱন্ধ সংকলন “সুশোভিত জীৱনৰ অন্বেষণ”, কাব্যগ্ৰন্থ “সুঁৱৰিলে ভাল লগা সুগন্ধি অনুৰাগ”, শুক্লেশ্বৰ নাথৰ বাংলা অনুবাদগ্ৰন্থ “ভোৰেৰ ভাৱনা- অন্বেষণ জীৱনৰ”, ৰুণা লাইলাৰ গ্ৰন্থ “জীৱনৰ অন্তিম সত্যৰ পমখেদি”, অনামিকা ৰয় হাজৰিকাৰ কাব্য সংকলন “ত্ৰিভূজ সুন্দৰী”, টুটুমণি নাথ মেধিৰ কাব্য সংকলন “প্ৰেমানুৰাগৰ কলি”, ডাঃ লোহিত শৰ্মাৰ কাব্যগ্ৰন্থ “অৰুন্ধতী অনুৰাধা শব্দ শিল্পৰ কবিতা”, অৰুণ কুমাৰ বৰ্মন সম্পাদিত হিন্দী কাব্য সংকলন “ভাৰত কে বিবিধ ৰং, কবিতা কে সংগ”, সুলাতা পাত্ৰৰ বাংলা উপন্যাস “সুখ-অসুখেৰে ৰঙিন কাচে” আদি গ্ৰন্থসমূহ উন্মোচন কৰা হয়।

নীলাক্ষি মেধিৰ ৰবীন্দ্ৰ সংগীতৰ নৃত্য, টুটুমণি নাথ মেধিৰ ভূপেন্দ্ৰ সংগীতৰ নৃত্য আৰু বিহুনৃত্যই অনুষ্ঠানৰ অভ্যাগত দৰ্শকক মোহিত কৰে। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিশ্ব বাংলা আন্তৰ্জাতিক সাহিত্য নিকেতনৰ যুটীয়া সচিব সুব্ৰত বোস, হিন্দী সাপ্তাহিক প্ৰজ্ঞা মেইলৰ সম্পাদক অৰুণ কুমাৰ বৰ্মন, বিশিষ্ট লেখক তথা মালায়ালম সাহিত্যৰ অনুবাদক কৰুণাকান্ত ৰায়, দিল্লীস্থ জ্যেষ্ঠ সাংবাদিক ৰত্নজ্যোতি দত্ত, সাহিত্য-সংস্কৃতিৰ আন্তৰ্জাতিক কবি মঞ্চৰ প্ৰধান সচিব কাব্যমণি বৰা, বিশিষ্ট সাংবাদিক ড° মানস বেনাৰ্জী, আশীষ চাক্সেনা, উৰিয়া সাহিত্যৰ অনুবাদক নৱ কুমাৰ মিশ্ৰ, প্ৰাগ্ নিউজৰ জ্যেষ্ঠ সাংবাদিক তীৰ্থ ৰঞ্জন মহন্ত, নিউজ মানিয়াৰ বৰ্ণালী বিশ্বাস, বিশিষ্ট সংগীত শিল্পী ডাঃ মালবিকা ৰয়, বিশিষ্ট লেখক, প্ৰকাশক মুকুট শৰ্মা, নদী আৰু নাৰী গোটৰ প্ৰতিষ্ঠাপক, বিশিষ্ট কবি ৰোণাল্ডো টাইদ, নতুন দিল্লীস্থ মানৱাধিকাৰ আৰু ভ্ৰষ্টাচাৰ বিৰোধী সংস্থাৰ সভাপতি ড° সৰ্বানন্দ শৰ্মা, বিশিষ্ট উপন্যাসিক, কবি ৰুণা লাইলা আৰু আজিৰ কবিতাৰ কাৰ্যবাহী সম্পাদক ঊষামণি শইকীয়া আদি।

উক্ত অনুষ্ঠানতে এইবৰ্ষৰ “AJIR KABITA NATOINAL POETRY FESTIVAL, AWARD,2022″ সমাজ আৰু সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ১৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ প্ৰদান কৰা হয়। বিশিষ্ট কবি, সমাজসেৱী অধীৰ চন্দ্ৰ দাসক ‘কাব্য সৰস্বতী বঁটা”, বিশিষ্ট কবি, লেখক ডিগবৈ শোধনাগাৰৰ সহকাৰী প্ৰৱন্ধক শুক্লেশ্বৰ নাথক “কবিকণ্ঠ বঁটা”, দিলীপ কুমাৰ নন্দীক “কাব্যশ্ৰী বঁটা”, প্ৰতিশ্ৰুতি সম্পন্ন নবীন কবি,

লেখিকা মান্তাছা জাহাঙ্গীৰক ” যুৱ সাহিত্যক বঁটা”, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিল্ স লক্ষ্মীন্দ্ৰ সিংহ, বিশিষ্ট কবি, আন্তৰ্জাতিক সাহিত্য সংস্কৃতি আৰু কবি মঞ্চৰ সচিব প্ৰধান কাব্যমণি বৰা আৰু বিশিষ্ট লেখক কবি, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতিৰ আহ্বায়ক ডাঃ মৃন্ময় কুমাৰ নাথক “কাব্য শিৰোমণি বটাঁ” , বিশিষ্ট লেখিকা,সমাজকৰ্মী চুমী ৰহমান আৰু বিশিষ্ট কবি-লেখিকা শাশ্বতী শৰ্মাক “কাব্য নন্দিনী বঁটা”, বিশিষ্ট কবি অল্পনা দলে আৰু বিশিষ্ট কবি, নৃত্যশিল্পী টুটুমণি নাথ মেধিক “কাব্য সুৰভি বঁটা”, বিশিষ্ট সাহিত্যিক, অধ্যাপক ড° ইকবাল হুছেইন খান আৰু বিশিষ্ট গল্পকাৰ,কবি ৰমেশ চন্দ্ৰ ৰায়ক “কাব্যকীৰ্ত্তি বটাঁ”, বিশিষ্ট উপন্যাসিক, কবি সুলাতা পাত্ৰক “কাব্য কস্তুৰী বঁটা” প্ৰদান কৰা হয়। অনুষ্ঠানত মণিপুৰী ভাষাত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে দিল্ স লক্ষ্মীন্দ্ৰ সিংহই। অসমৰ জাতীয় সংগীতেৰে কবি সমাৰোহখনিৰ সামৰণি মৰা হয় বুলি “আজিৰ কবিতা”ৰ সম্পাদক বিনয় চলিহা আৰু মেজাংকৰি প্ৰকাশনৰ সচিব ঊষামণি শইকীয়াই জানিবলৈ দিয়ে

Leave A Reply