Breaking

ভূৰাগাঁৱৰ খেৰকটাত ৰাষ্ট্ৰীয় পোষণ মাহ উদ্‌যাপন

0 80

১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় পোষণ মাহ উদ্‌যাপন হৈ আছে । মৰিগাঁও জিলাৰ লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ২২নং খেৰকটা কুৱাৰতলী অংগনাবডী কেন্দ্ৰত পোষণ মাহ উপলক্ষে বিস্তৃত কাৰ্যসূচীৰে পোষণ সজাগতাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই উপলক্ষে পুৱা ৫ টা অংগনাবাডী কেন্দ্ৰৰ কৰ্মী, সহায়িকা সকলে স্বচ্চতাৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ ইয়াৰ পিছতে কেন্দ্ৰটোৰ শিশু সকলক আৰু তেওলোকৰ মাতৃ সকলক যোগাসনৰ সজাগতাৰ বিষয়ে কোৱা হয় আৰু যোগাসন কৰোৱা হয় ৷

ইয়াৰ পিছতে স্হানীয় ৰাইজক লগত লৈ এক পোষণ সজাগতা শোভাযাত্ৰা কৰা হয় ৷ উক্ত শোভাযাত্ৰা উদ্বোধন কৰে খেৰকটা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সনজিব সৰকাৰে । পোষণ সজাগতা শোভাযাত্ৰাৰ পিছতে অংগনাবাডী কৰ্মী আৰু সহায়িকাসকলে পোষণ সম্পৰ্কে এখন বাটৰ নাট প্ৰদৰ্শন কৰে । ইয়াৰ পিছতে ৪১৬ নং খেৰকটা অংগনাবাড়ী কেদ্ৰৰ সভাপতি বলৰাম মজুমদাৰ সভাপতিত্বত অনুষ্ঠিত হয় পোষণ সজাগতা সভা ৷ সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু থলুৱা শাক-পাঁচলিৰ প্ৰদৰ্শনী মুকলি কৰা হয় ।

মুখ্য অতিথি খেৰকটা পথাৰ প্ৰা: বিদ্যালয়ৰ প্ৰধান শিক্ষক । খেৰকটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকেশ বৰদলৈয়ে ভাষণ প্ৰদান কৰি পোষণ মাহৰ তাৎপৰ্য্য ব্যাখ্যা কৰে আৰু পুষ্টিকৰ সহজলভ্য খাদ্য, পৰিস্কাৰ পৰিচ্চন্নতা, ক’ভিড সজাগতা আদি বিষয়ৰ ওপৰত বহল ব্যাখ্যা আগবঢ়াই সকলোকে সজাগ কৰে ৷ উক্ত অনুষ্ঠানত অংগনাবাডী কৰ্মী আৰু সহায়িকাসকলে গীত, কবিতা, ঘোষা নাম, বিয়াগীত, নাটক আদি পৰিৱেশন কৰে ।

অংগনবাদী কৰ্মী বেগম আচমিয়া জেনিফাৰে আতধৰা ৰাষ্ট্ৰীয় পোষণ মাহ উদ্‌যাপনৰ অনুষ্ঠানত অংগনাবাডীৰ কৰ্মী আৰু সহায়িকাসকল, স্বাস্থ্য কৰ্মী , আশা কৰ্মীৰ লগতে স্থানীয় ৰাইজে অংশ লয় ।

Leave A Reply