দেশৰ আগশাৰীৰ সন্মানীয় ৰাষ্ট্ৰীয় গৌৰৱ বঁটা সমিতিয়ে আজি ডিজিটেল মাধ্যম যোগে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াক সন্মানীয় “ৰাষ্ট্ৰীয় গৌৰৱ বঁটা”প্ৰদান কৰে।
উল্লেখযোগ্য যে আন আন বৰ্ষৰ দৰে এইবাৰো সমগ্র ভাৰতবৰ্ষৰ ভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰলৈ উৎকৃষ্ট সেৱা আগবঢ়োৱা দহজন ব্যক্তিক এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে। সমাজসেৱা,শিক্ষা,স্বাস্থ্য আৰু উদ্যোগ আদি শিতানত আগবঢ়োৱা উক্ত বঁটাৰ পৰা সমাজসেৱাৰ শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বহুকেইটা ৰাষ্ট্ৰীয় সংগঠনৰ মুৰব্বী পদ অলংকৃত কৰা ডঃ দিব্যজ্যোতি শইকীয়া হল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ব্যক্তি।
দীৰ্ঘদিন ধৰি শান্তি, মানৱতা, মানৱ অধিকাৰ আৰু সামাজিক কাৰ্যৰে ৰাষ্ট্ৰ তথা মানৱ সমাজলৈ আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে ডঃ শইকীয়াই ইতিমধ্যে প্ৰায় সত্তৰ তাতকৈ অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা দহ তাতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব সংবিধান সংসদ সংস্থাৰ পৰা শ্রেষ্ঠ সমাজ সেৱাৰ বঁটা, মৌলানা আজাদ ৰাষ্ট্ৰীয় বঁটা,বাবুজগজীৱনৰাম ৰাষ্ট্ৰীয় বঁটা, ডঃ ভূপেন হাজৰিকা শান্তি বঁটা,চাকচ্ছেছ ইণ্ডিয়া এছিভাৰছ আইকন এৱাৰ্ড, ইন্টাৰন্যাসনেল গান্ধী পিছ এৱাৰ্ড আদি উল্লেখযোগ্য।
অসমত অন্ধবিশ্বাস বিৰোধী তথা ডাইনী কাণ্ড ৰোধৰ বাবে প্ৰণয়ন হোৱা “THE ASSAM WITCH HUNTING PPP ACT-2015” ৰ মূল দাবীদাৰ ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে মহাৰাষ্ট্ৰৰ প্ৰখ্যাত সমাজ কৰ্ম্মী পদ্মশ্ৰী ডঃ অম্বঋষ বিজয়কৰকও ৰাষ্ট্ৰ গৌৰৱ বঁটা প্ৰদান কৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মুকবধিৰ আৰু শ্ৰৱণশক্তি ৰহিত ধৃতি কংকনা সাফল্য
- ৰিণিকী ভূঞা শৰ্মাৰ উপস্থিতিত বৃহত্তৰ আজাৰা অঞ্চলত এক হাজাৰৰো অধিক মুছলমান লোকৰ বিজেপিত যোগদান
- ঢাকাত উন্মোচন ড° ৰীতা চৌধুৰীৰ “Zero Hour” উপন্যাস
- দৈ-কিচমিচ খালে পাচনতন্ত্ৰৰ সমস্যা কমে! কৰীনাৰ পুষ্টি বিশেষজ্ঞই ক’লে দৈ-কিচমিচৰ উপকাৰিতাৰ বিষয়ে…
- অটো-ব্ৰুৱেৰী চিণ্ড্ৰোমঃ বেলজিয়ামৰ এজন লোকৰ দেহত নিজে নিজে উৎপাদন হয় সুৰা!
- ‘হেল্থ ড্ৰিংক’ৰ লেবেল আঁতৰোৱা হৰলিক্সৰ পৰা…
- অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ, ২৬ এপ্ৰিলত অসমৰ ৫ সমষ্টিত নিৰ্ণয় হ’ব ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য…
- ২০০তকৈও অধিক ভূমিকম্পই জোকাৰিলে টাইৱানক…
- জাতিগত লোকপিয়ল মোৰ জীৱনৰ মিছন ! কংগ্ৰেছে নিৰ্বাচনত জয়ী হ’লে কোনো শক্তিয়ে ইয়াক বন্ধ কৰিব নোৱাৰে: ৰাহুল গান্ধী…
- হঠাৎ ধোনীৰ খং ! কেমেৰালৈ বটল দলিয়াব বিচাৰিলে এম এছ ধোনীয়ে , ভাইৰেল হৈ পৰিল ভিডিঅ’…