Breaking

জাতীয় বিদ্যালয় অসম টংলাত প্ৰাচীৰ পত্ৰিকা অংকুৰণ উন্মোচন

0 1,511

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত জাতীয় বিদ্যালয় অসম টংলাত আজি বিদ্যালয় খনৰ ২০২২-২৩ শিক্ষা বৰ্ষৰ প্ৰাচীৰ পত্ৰিকা অংকুৰণৰ শুভ উন্মোচন হৈ যায়।উক্ত প্ৰাচীৰ পত্ৰিকা খন উন্মোচন কৰে টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ হেমলাত দেৱীয়ে। আনহাতে বিদ্যালয় খনৰ অধ্যক্ষ যোগেন্দ্ৰ নাথ ডেকাই ফুলাম গামোচাৰ আদৰণি জনাই উন্মোচক গৰাকীক।বিদ্যালয় খনৰ সহ শিক্ষক জ্যোতিষ চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানত উন্মোচক হেমলাত দেৱীয়ে ছাত্র ছাত্ৰীক পঢ়া শুনাৰ লগতে সাহিত্য চৰ্চা, লিখা মেলা কৰি মনৰ ভাব প্ৰকাশ কৰিবলৈ আহ্বান জনায়।

আনহাতে পত্ৰিকা খন সম্পাদনা কৰে শিক্ষয়ত্ৰী পম্পি দাস বড়ো আৰু তনু দেৱীয়ে লগতে সহযোগ কৰে পত্ৰিকা খনৰ সম্পাদক নিহাৰিক শইকীয়াই।

Leave A Reply