Breaking

কাশ্মীৰী শিক্ষয়িত্ৰীলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা

0 1,315

দৈনন্দিন বাৰ্তা ডেস্ক : কাশ্মীৰৰ ৰুহি চুলতানা নামৰ শিক্ষয়িত্ৰীগৰাকী ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ এইগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক খেলৰ জৰিয়তে শিক্ষা দান কৰে ৷ চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী চুলতানা প্ৰকৃততে শ্ৰীনগৰৰ ন’উছিৰা এলেকাৰ বাসিন্দা ৷ তেওঁ শ্ৰীনগৰৰ টাইবালৰ দাংগেৰ পোৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নিযুক্তি লাভ কৰে ৷ তেওঁ উৰ্দু আৰু কাশ্মীৰী ভাষাত স্নাতকোত্তৰ ৷ লগতে বি এড ডিগ্ৰীধাৰী ৷ তদুপৰি কেলিগ্ৰাফীত তিনি বছৰেকীয়া ডিগ্ৰী পাঠ্যক্ৰম কৰে ৷ সৰুৰে পৰা শিক্ষক হোৱাৰ ইচ্ছা আছিল চুলতানাৰ ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত থাকি তেওঁ আনন্দ অনুভৱ কৰে বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে অহা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই এই বঁটা প্ৰদান কৰিব ৷

Leave A Reply