Breaking

ওদালগুৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

0 57

ওদালগুৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়।

ওদালগুৰি জিলা উপায়ুক্তৰ কার্যলায়ৰ সভা গৃহত অনুষ্ঠিত কৰা উক্ত দিৱসত জিলা নিৰ্বাচনী বিষয়া দেৱাশীস বৰঠাকুৰে পৰিচালনা কৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে জিলা উপায়ুক্ত ড° সাদনেক সিংঙে।

অনুষ্ঠানত উপায়ুক্তয়ই ‌সকলোকে ভোটাৰ দিৱসৰ শপত বাক্য পাঠ কৰোৱায়।

অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত বিৰাজ কুমাৰ বৰুৱা আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বুঢ়াগোহাঁই, অতিৰিক্ত আয়ুক্ত সকল, উপায়ুক্ত আৰু নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰী, বি এল ওৰ চুপাৰভাইচাৰ , এন জি ওৰ বিষয়া আৰু ছাত্ৰ ছাত্ৰী সকলে ভাগ লয়।

উক্ত অনুষ্ঠানটেই নতুনকৈ ভোটাধিকাৰ পোৱা কিছু ছাত্ৰ ছাত্ৰীক উপায়ুক্ত মহোদয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

ন-পুৰণি সকলো ভোটাৰকে সকলো ধৰণৰ নিৰ্বাচনতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় তথা সকলোকে এই ক্ষেত্ৰত ৰাইজক সজাগ কৰিবলৈ অনুৰোধ জনায়।

Leave A Reply