নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি নগাঁৱতো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে জিলা উপায়ুক্ত কাৰ্য্যালয় চৌহদত জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ সভাপতিত্ব অনুষ্ঠিত সভাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে অনুষ্ঠিত কৰা কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয় । আনহাতে ভোটাৰ সজাগতাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুত কৰা এটি সজাগতামূলক গীত মুকলি কৰে পেৰাচাইকেলিষ্ট ৰাকেশ বনিকে। ইয়াৰ উপৰি ভোটাৰ সজাগতাৰ বাবে জিলা প্ৰশাসনে এক চাইকেল ৰেলীৰো আয়োজন কৰে । উক্ত চাইকেল ৰেলীত পেৰাচাইকেলিষ্ট ৰাকেশ বনিকৰ লগতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা, নিৰ্বাচনী বিষয়া ৰাজ বৰুৱা প্ৰমুখ্যে বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
Breaking
- আয়ুৰ্মেদ হেলথ কেয়াৰৰ উদ্যোগত খানামুখত স্বাস্থ্য পৰীক্ষা শিবিৰ
- মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি বিশিষ্ট শ্ৰমিক নেতা চিন্তাৰাম চাহুক অভিন্দন
- ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থা
- বেঙেনাবাৰী অঞ্চলৰ শিঙিবিল গাওঁত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ
- “শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ৰাইজক সেৱা কৰিলে ৰাইজৰ আস্থাভাজন হ’ব পাৰি ”: বিধায়ক বিমল বড়া
- তামুলপুৰত ভাৰতীয় সেনাৰ বিনামূলীয়া পশু চিকিৎসা শিৱিৰ
- দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন
- গোলাঘাট জিলাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি
- পানবজাৰ মহিলা আৰক্ষী থানাত কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ
- বিধান সভা নিৰ্বাচন সন্দৰ্ভত শীৰ্ষ বিষয়াৰে নাজিৰা মহকুমা প্ৰশাসনৰ আলোচনা