Breaking

ক্ৰীড়াৰে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা নৱ কিৰণ মঞ্চৰ

0 2,024

অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান যোৰহাট জিলাৰ “নৱ কিৰণ মঞ্চ”ৰ উদ্যোগত আৰু অসম ভলীবল মিছন-১০০ৰ সহযোগত পোন প্ৰথম বাৰৰ বাবে দিহা ভলীবল ক’চিং চেণ্টাৰ আৰু মনোময় ভলীবল ক’চিং চেণ্টাৰৰ খেলুৱৈ সকলক একগোট কৰি ভলীবলৰ এন আই এছ প্ৰশিক্ষকৰ দ্ধাৰা মনোময় চাহ বাগিছাত এক পোন্ধৰ দিনীয়া ভলীবল প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে। যোৱাকালি বিয়লী ৩ বজাত উক্ত শিৱৰটো উদ্ধোধন কৰে মনোময় চাহ বাগিছাৰ পৰিচালক বলজিৎ সিংঙে। তেওঁ ভাষণ প্ৰসংগত ক্ৰীড়াৰে মানৱ সম্পদ গঢ়াৰ উদ্যোগ লোৱা বাবে অনুষ্ঠান দুয়োটাক ভূয়সী প্ৰশংসা কৰে। লগতে অতিকে পিছপৰা অঞ্চলটোৰ পৰা প্ৰতিভাৱান খেলুৱৈৰ জন্ম হ’ব বুলি আশা প্ৰকাশ কৰে। উপস্থিত থাকে নৱ কিৰণ মঞ্চৰ সভানেত্ৰী ড° অৰ্চনা ভট্টাচাৰ্যই। প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব চাহিল দুবেডী। বৰ্তমানলৈ ৭০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশ গ্ৰহন কৰা বুলি জানিব পৰা গৈছে। কোনোদিন কেতিয়াও ভলীবলটো চুই নোপোৱা খেলুৱৈ সকলে ভলীবলৰ অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ দ্ধাৰা ভলীবলৰ আদিপাঠ গ্ৰহন কৰিব পাৰি উৎফুল্লিত হৈ পৰা দেখা গেছে। অভিভাৱক সকলেওঁ এই কামক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰিছে। অসম ভলীবল মিছন-১০০ৰ মুখ্য উদ্যোক্তা তথা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ পৰা পোৱা সাহস আৰু প্ৰেৰণা লাভ কৰি তেওঁলোকে ভলীবল খেলুৱৈ হোৱাৰ সপোন দেখিছে আৰু এই সপোনক বাস্তৱত ৰূপ দিয়াৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে অৱসৰী অধ্যাপিকা তথা নৱ কিৰণ মঞ্চৰ সভানেত্ৰী ড° অৰ্চনা ভট্টাচাৰ্যই। বিগত দুই বছৰ ধৰি খেলুৱৈ সকলৰ লগত লাগি থাকি তেওঁ কিছু পৰিমানে সফল হোৱাও দেখা গৈছে। এই সফলতাৰ আৰত নৱ কিৰণ মঞ্চৰ উপ সভাপতি প্ৰবীণ মুণ্ডা আৰু শ্যাম গুৱালাৰ শ্ৰম অনস্বীকাৰ্য। এওঁলোক দুয়োজনে ক’চিং চেণ্টাৰ দুটাত প্ৰশিক্ষকৰ ভুমিকা পালন কৰি আহিছে। প্ৰথম অৱস্থাত অভিজিৎ ভট্টাচাৰ্যই কাপোৰ মেৰিয়াই ভলীবলৰ আকৃতি কৰি লৈ অন লাইন যোগে তেওঁলোকক প্ৰশিক্ষণৰ ব্যাৱস্থা কৰিছিল আৰু প্ৰথম বৰ্যতে তেওঁলোকে অসম ভলীবল মিছন-১০০ৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্যিক ব্ৰহ্মপুত্ৰ ভলীবল লীগত অংশ গ্ৰহন কৰি সকলোকে আচৰিত কৰি তুলিছিল। এইবেলিওঁ ব্ৰহ্মপুত্ৰ ভলীবলৰ দ্বিতীয় সংস্কৰণত তেওঁলোকে যোগদান নিশ্চিত কৰি যুদ্ধংদেহী প্ৰস্তুতি হাতত লোৱা পৰিলক্ষিত হৈছে।

Leave A Reply