Breaking

নবীন মল্ল বড়োৰ ছুটি গল্প ‘গোথৈ’ৰ উন্মোচন

0 2,043

ওদালগুৰিৰ বিশিষ্ট লেখক নবীন মল্ল বড়োৰ ছুটি গল্প ‘গোথৈ’ৰ লেখকৰ বাস ভৱনত কালি ১০ অক্টোবৰত অনুষ্ঠিত সভাত বড়ো আৰু অসমীয়া ভাষাৰ লেখক নন্দেশ্বৰ দৈমাৰীয়ে উন্মোচন কৰে। লেখক দৈমাৰীয়ে নবীন মল্ল বড়োৰ লেখনিৰ বিশিষ্টতাৰ বিষয়ে প্ৰকাশ কৰে। গোথৈ গ্ৰন্থখনত ১৭ টা ছুটি গল্প সন্নিৱিষ্ট কৰা হৈছে। নবীন মল্ল বড়োয়ে ১৯৭৫ চনত জালাইশ্ৰী নামৰ আলোচনীত ‘মাৱনাইশ্ৰী’ নামৰ ছুটী গল্পৰ জৰিয়তে সাহিত্যত প্ৰবেশ কৰিছিল। এতিয়ালৈকে তেখেতে ১৪ খন গ্ৰন্থ সাহিত্য ক্ষেত্ৰত আগবঢ়াইছে। সাহিত্যত বিশিষ্ট অৱদানৰ বাবে এখেতক সোমেশ্বৰী ব্ৰহ্ম পুৰষ্কাৰ আৰু সাহিত্য একাদেমীৰ শিশু সাহিত্য পুৰষ্কাৰ প্ৰদান কৰা হৈছে। নবীন মল্ল বড়োয়ে উপন্যাস, ছুটি গল্প, ভ্ৰমণ কাহিনী, কবিতা, নিবন্ধ সকলো ক্ষেত্ৰতে নিজৰ বিশিষ্টতাৰ প্ৰদৰ্শন কৰিছে। সভাত উপস্থিত লেখক সকলে তেখেতৰ কৰ্মৰাজি আৰু গুণৰ শলাগ লয়। শিক্ষক হিচাপে এখেতলৈ ৰাজ্য চৰকাৰৰ ৰাজ্যিক শিক্ষা পুৰষ্কাৰো প্ৰদান কৰা হৈছে। ওদালগুৰি কলেজৰ বড়ো বিভাগৰ মূৰব্বী অধ্যাপক ড়. নৰেশ্বৰ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভনিত বন্তি প্ৰজ্বলন কৰে গাহায় মোদায় নামেৰে খ্যাত কবি তথা প্ৰাক্তন বিধায়ক দেবকান্ত ৰামচিয়াৰীয়ে। মুখ্য অতিথি হিচাপে লেখক আৰু সাংবাদিক বৈদ্যনাথ উপাধ্যায়ে কয়- লেখক সকলে সমাজত আদৰ্শ দাঙি ধৰিব লাগে  আৰু লেখক সকলৰ মাজত অধ্যয়নৰ পৰিবেশ থাকিব লাগে বুলি প্ৰকাশ কৰে। ওদালগুৰিত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কৰা লেখক নবীন মল্ল বড়ো আৰু নন্দেশ্বৰ দৈমাৰীৰ লেখনিৰ বিশিষ্টতাৰ শলাগ লয়। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নীলকান্ত গয়াৰীয়ে লেখক সকল সমাজৰ সম্পদ বুলি উল্লেখ কৰি নৱীন মল্ল বৰোৰ সাহিত্যিক অৱদানৰ শলাগ লয়। গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত সতীশ বসুমতাৰী, মোদায় গাহায়, বিবুংসা বসুমতাৰী, অৰুণ স্বৰ্গীয়াৰী, বোহৈচাৰ ব্ৰহ্ম, সুকুমণি নাৰ্জাৰীয়ে বৰো কৱিতা পাঠ কৰে। অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য সহদেব গৌতমে নেপালী ভাষাৰ কৱিতা আৰু ওদালগুৰি জিলা নেপালী সাহিত্য সভাৰ সম্পাদক মোহন কুমাৰ ছেত্ৰী আৰু বৈদ্যনাথ উপাধ্যায়ে হিন্দী কৱিতা পাঠ কৰাৰ বিপৰীতে  ধনুৰাম বসুমতাৰীয়ে বড়ো গল্প পাঠ কৰে। সভাৰ শেষত লেখক নবীন মল্ল বড়োয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।  সভাত ওদালগুৰি জিলা বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াও উপস্থিত আছিল।

Leave A Reply