Breaking

ক্ৰিকেট কমেণ্টেটৰ হিচাপে পুনৰ দেখা যাব নৱজ্যোত সিং সিদ্ধুক…

0 32

আই পি এল ২০২৪ত ক্ৰিকেট কমেণ্টেটৰ হিচাপে পুনৰ দেখা যাব নৱজোৎ সিং সিদ্ধুক। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে পঞ্জাৱৰ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে। পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী নৱজোৎ সিং সিদ্ধু তিনিবাৰৰ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ নৱজোত সিং সিদ্ধু অমৃতসৰৰ সাংসদ, একালৰ ৰাজ্যসভাৰ সাংসদ আৰু অমৃতসৰ ইষ্টৰ একালৰ বিধায়ক। পঞ্জাৱত লোকসভা নিৰ্বাচনৰ প্ৰায় দুমাহৰ পূৰ্বে ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা নৱজোৎ সিং সিদ্ধু পুনৰ কালি খেলপথাৰত ক্ৰিকেটৰ সন্দৰ্ভত মন্তব্য। মঙলবাৰে এক্সত এটা পোষ্টত ষ্টাৰ স্প’ৰ্টছে ঘোষণা কৰে যে ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ কমেণ্টেটৰ হ’ব সিদ্ধু। চেনেলটোৰ অফিচিয়েল হেণ্ডেলে কয় যে, ‘কমেণ্টৰী বক্সৰ চৰ্দাৰ ঘূৰি আহিছে।

পঞ্জাৱৰ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ সিদ্ধু অমৃতসৰৰ পৰা তিনিবাৰৰ লোকসভা সাংসদ, একালৰ ৰাজ্যসভাৰ সাংসদ আৰু অমৃতসৰ পূৱৰ একালৰ বিধায়ক। তেওঁ এজন প্ৰাক্তন কেবিনেট মন্ত্ৰীও। কংগ্ৰেছ হাইকমাণ্ডে এতিয়াও ১৩খন আসনৰ বাবে দলীয় প্ৰাৰ্থী ঘোষণা নকৰাৰ সময়তো সিদ্ধুৱে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি কৈছে।

Leave A Reply