Breaking

 অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আন এক সুখবৰ৷ অৰ্জুন বঁটাৰ বাবে অনুমোদিত হৈছে অসমৰ নয়নমণি শইকীয়াৰ নাম

0 72

দেশৰ সন্মানীয় ক্ৰীড়া বঁটা অৰ্জুনৰ বাবে অনুমোদিত হৈছে গোলাঘাটৰ নয়নমণি শইকীয়াৰ নাম৷
প্ৰতিবছৰে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ে দেশৰ সফল খেলুৱৈক প্ৰদান কৰি আহিছে অৰ্জুন বঁটা। এইবাৰৰ অৰ্জুন বঁটা ২০২২ৰ বাবে অসমৰ নয়নমণি শইকীয়াৰ নাম অনুমোদিত কৰা হৈছে নয়নমণিৰ নাম৷ 

ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনৰ বিশেষ সমিতিয়ে অনুমোদন জনাইছে নয়নমণি শইকীয়াৰ নাম। এই অনুমোদন অনুসৰি অৰ্জুন বঁটাৰ বাবে নাম ঘোষণা হ’লে নয়নমণি শইকীয়া হ’ব অৰ্জুন বঁটাৰে সন্মানিত অসমৰ সপ্তমগৰাকী খেলুৱৈ।
পূৰ্বে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা, জয়ন্ত তালুকদাৰ, শিৱ থাপা, হিমা দাস, লাভলীনা বৰগোহাঁয়ে লাভ কৰিছিল অৰ্জুন বঁটা৷

Leave A Reply