Breaking

সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাজু নাজিৰা দুৰ্যোগ ব্যৱস্থাপনা

0 52

মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা মহকুমা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া সব্যসাচী কাশ্যপৰ অধ্যক্ষতাত আজি মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। 


সভাত নাজিৰা মহকুমাৰ সম্ভাব্য বানপানীৰ পৰিপ্ৰেক্ষিতত  প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ প্ৰস্তুতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে বানপানীৰ পৰিস্থিতি উদ্ভৱ হলে তেনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে মহকুমাটোৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, ৰাজহ চক্ৰ বিষয়া পৰ্যায়ত, বিভিন্ন চৰকাৰী বিভাগ, আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী আদিৰ তৰফৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব এই সম্পৰ্কে বুজ লয় ।

তেওঁ লগতে বানপানীৰ দৰে দুৰ্যোগৰ সময়ত সকলো বিভাগে সু-সমন্বয় ৰক্ষা কৰি দায়িত্ব সহকাৰে তথা তৎপৰতাৰে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে ।মহকুমাধিপতি গৰাকীয়ে বানপানীৰ সময়ত আশ্ৰয় শিৱিৰ স্থাপন কৰা আৰু আশ্ৰয় শিৱিৰ সমূহৰ বাবে পৰ্যাপ্ত ব্যৱস্থা মজুত ৰাখিবলৈ নির্দেশ দিয়ে। জনস্বাস্থ্য কাৰিকৰী বিভাগক আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী আৰু বীজাণুনাশক পৰ্যাপ্ত পৰিমাণে মজুত ৰখাটো সুনিশ্চিত কৰাৰ লগতে আশ্ৰয় শিবিৰসমূহত টিউবৱেল সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়।

তদুপৰি, শক্তি বিভাগক বানপানীত বুৰ যোৱাৰ সম্ভাৱনা থকা অঞ্চল সমূহত বিশেষ দৃষ্টি ৰাখিবলৈ কয় আৰু তেনে অঞ্চলৰ ট্ৰেছফৰ্মাৰ বা বৈদ্যুতিক  তাৰ সমূহ ওখ স্থানলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিবলৈ উক্ত সভাত নিৰ্দেশ দিয়ে। তেওঁ অন্যান্য আনুষংগিক বিষয়ৰ লগতে আশ্ৰয় শিবিৰ সমূহত ক’ভিড-১৯ প্ৰতিৰোধ মূলক ব্যৱস্থাৱলী ইত্যাদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ স্বাস্থ্য বিভাগক তৎকালীন সঁহাৰি দল সাজু ৰাখিবলৈ তথা আশ্ৰয় শিবিৰ সমূহত আবাসী সকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষণ তথা চিকিৎসা সেৱা প্ৰদানৰ দিশত প্ৰয়োজনীয় ব্যৱস্থা সাজু ৰাখিবলৈ কয়।

মহকুমাটোৰ পশুপালন আৰু পশু চিকিৎসা বিভাগক পোহনীয়া জীৱ-জন্তুৰ বিভাগীয়ভাৱে জৰীপ চলাই বানপানীৰ সময়ত জীৱ-জন্তু সমূহক সুৰক্ষিত তথা ওখ স্থানত স্থানান্তৰিত কৰিবলৈ আৰু পৰ্যাপ্ত পশুখাদ্য যোগান আৰু মজুতকৰণ সুনিশ্চিত কৰিবলৈ কয়। তেওঁ সংশ্লিষ্ট সকলো বিভাগকে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়।মহকুমাধিপতিয়ে তেওঁৰ বক্তব্যত বানপানী, ধুমুহা আদিৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে অৱগত কৰিবলৈ বা জৰুৰী সেৱা লাভ কৰাৰ বাবে মহকুমাটোৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিয়ন্ত্ৰণ কক্ষত (টেলিফোন নম্বৰ- ০৩৭৭২- ২৫২০২০)  -ত যোগাযোগ কৰিব পাৰিব বুলি অৱগত কৰে। 

আজিৰ সভাত নাজিৰা ৰাজহ চক্ৰ বিষয়া, নাজিৰাৰ সহকাৰী আয়ুক্ত সকল, মহকুমা তথ্য ও জনসংযোগ বিষয়া,আৰক্ষী আৰু অগ্নি নিৰ্বাপন বিভাগৰ প্ৰতিনিধি সকলৰ উপৰি বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

Leave A Reply