Breaking

নাজিৰাত দুবছৰত বৃদ্ধি পালে ১১,২২৮ জন ভোটাৰ , ৩০ টা ভোট কেন্দ্ৰ

0 2,096

অসমৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে নাজিৰা মহকুমা প্ৰশাসন তথা জিলা নিৰ্বাচনী বিভাগে অতি নিয়াৰিকৈ প্ৰস্তুতি চলাইছে । ১০৪ নং নাজিৰা বিধান সভা সমষ্টিটো ৪ টা মণ্ডলত ভাগ কৰি ৪ জন মাণ্ডলিক বিষয়া আৰু ১৮ জনকৈ ছেক্টৰ বিষয়া নিযুক্ত কৰিছে । আনহাতে ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পাদন কৰিবৰ বাবে ১৯৪ টা ভোটকেন্দ্ৰৰ বাবে ২৩৪ গৰাকী প্ৰিজাইডিং বিষয়া নাজিৰা জিলা নিৰ্বাচন বিভাগে নিযুক্তি দিয়াৰ উপৰি ৬৯৯ জন প’লিং বিষয়া নিযুক্তি দিছে । ইতিমধ্যে ৪ টা পৰ্যায়ত প্ৰিজাইডিং আৰু প’লিং বিষয়াসকলৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া প্ৰশিক্ষণ সামৰণি পৰিছে । নিৰ্বাচনী বিভাগে ভোট গ্ৰহণ বিষয়া আৰু অন্যান্য সকলৰ যাতায়তৰ  কাৰণে ইতিমধ্যে প্ৰয়োজনীয় যান – বাহন অধিগ্ৰহণ কৰিছে । উল্লেখযোগ্য যে, নাজিৰা বিধান সভা সমষ্টিত পূৰ্বৰ ১৬৪ টা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিৱৰ্তে এইবাৰ নিৰ্বাচনত ৩০ টা অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাকে ধৰি মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হ’ল ১৯৪ টা । কৰ’নাৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি মহকুমা প্ৰশাসনে এহেজাৰতকৈ অধিক ভোটাৰ থকা কেন্দ্ৰ সমূহত অতিৰিক্ত সংযোগেৰে ৩০ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰিছে ভোটাৰৰ সুবিধাৰ বাবে । চলিত মাহৰ ১০ তাৰিখলৈকে ভোটাৰ তালিকা শুধৰণিৰ পিছত বৰ্তমান নাজিৰা সমষ্টিৰ মুঠ ভোটাৰ হ’ল ১,৩৩,৬৬৮ জন । ইয়াৰে পুৰুষ ভোটাৰ ৬৬,৯৭৮ জন আৰু মহিলা ভোটাৰ হ’ল ৬৬,৬৯০ গৰাকী । আনহাতে ছাৰ্ভিচ ভোটাৰ হ’ল ৩০৬ জন । উল্লেখযোগ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নাজিৰা সমষ্টিৰ ভোটাৰ আছিল ১,২২,৪৪০ জন আৰু ২০২১ চনৰ নিৰ্বাচনত মুঠ ভোটাৰ হ’ল ১,৩৩,৬৬৮ জন । অৰ্থাৎ দুবছৰত নাজিৰাত ভোটাৰ বৃদ্ধি পালে ১১,২২৮ জন । অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব লগা ভোটগ্ৰহণৰ সময়ত যাতে শান্তিপূৰ্ণ পৰিৱেশ বাহাল থাকে তাৰ বাবে সকলো শ্ৰেণীৰ ৰাইজলৈ সহযোগিতা আগবঢ়াৱৰ বাবে জিলা নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই ৰাইজলৈ গোহাঁৰি জনাইছে । 

Leave A Reply