Breaking

নাজিৰা কবি সন্মিলনৰ “চোতাল” অনুষ্ঠান সম্পন্ন

0 2,323

ওপৰ নাজিৰা বুদবাৰীৰ ঐতিহাসিক সত্ৰৰ কাষত দিখৌ নৈৰ পলসুৱা ভূমিত নকৈ গঢ়ি উঠা ইক’ টুৰিজম ক্ষেত্ৰত ২১ নৱেম্বৰত মিলিত হয় কবি সকল । “চোতাল” শীৰ্ষক অনুষ্ঠানৰ মাজত কবি অজিত খাটনিয়াৰৰ  কবিতা পুথি “একলব্য” উন্মোচন কৰে বিশিষ্ট নিৱন্ধকাৰ, সমালোচক চামচুল বাৰিকে । “সামাজিক উত্তৰণত কবিতাৰ ভূমিকা” শীৰ্ষক বিষয়ত নিৰ্দিষ্ট বক্তাৰ ভাষণ দাঙি ধৰি বিশ্বৰ বৰেণ্য কবিসকলৰ মাজৰপৰা কীটছ, শ্যেলী, ৱৰ্ডচৱৰ্থৰ কবিতাৰ পংক্তিৰে সামাজিক দায়ৱদ্ধ কবিতাৰ ভাবাৰ্থ বৰ্ণনা কৰি বক্তৃতা  আগবঢ়ায় সোণাৰাম খনিকৰে । অসমীয়া কবিতাৰ সন্দৰ্ভত   তেওঁ কয়  “মানৱ জাতিৰ ইতিহাসৰ সমৃদ্ধ জ্ঞান প্ৰতিফলিত কৰা সমাজ সাপেক্ষ সৃষ্টিয়ে কবিতাৰ আকাশ ফৰকাল কৰিব ।” অসমীয়া কবিৰ মাজত জনচেৰেকৰ এনে কৰ্ষণে অসমীয়া কবিতালৈ ইতিবাচকতা কঢ়িয়াই আনিছে বুলি কোৱাৰ লগতে শব্দক বুলেটৰ ৰূপত প্ৰয়োগ কৰি সমাজক সমালোচনা কৰিবলৈ কবি প্ৰস্ত্তত থাকিব লাগিব বুলি কয় একালৰ ইংৰাজী সাহিত্যৰ অধ্যাপক আৰু অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত যুটীয়া সচিব সোণাৰাম খনিকৰে । শিৱসাগৰ জিলা কবি সন্মিলনৰ নৱ নিৰ্বাচিত সম্পাদক সুৰেশ ভূঞাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা কাৰ্য্যসূচীত শুভেচ্ছা মূলক বক্তব্যৰে আদৰণি জনায় নাজিৰা কবি সন্মিলনৰ সভাপতি অজিত খাটনিয়াৰে । নাজিৰা কবি সন্মিলনৰ সম্পাদক হৰেন চন্দ্ৰ নাথে আঁত ধৰা কাৰ্য্যসূচীৰ উদ্বোধন কৰে গড়গাঁও কলেজৰ অৱসৰ প্ৰাপ্ত মূৰব্বী অধ্যাপক ড’ ক্ষীৰোদ গগৈয়ে । নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে স্বৰচিত কবিতা পাঠেৰে কাব্যপাঠৰ শুভাৰম্ভ কৰে । বিশিষ্ট কবি সমালোচক  ৰাজীৱ বৰা, নতুন সাহিত্য পৰিষদৰ শিৱসাগৰ জিলাৰ সভাপতি দিলীপ  ফুকন, জ্যেষ্ঠ সাংবাদিক বীৰেণ শৰ্মা, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড’ জীৱন কলিতা, নাজিৰা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তৰুণ চন্দ্ৰ নাথ,  সাংবাদিক ভাস্কৰজ্যোতি বৰগোহাঁই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । স্বৰচিত কবিতা পাঠ কৰে নীলাক্ষি দত্তবৰুৱা, মঞ্জু ঘৰফলীয়া বৰা, নৱাব নাৰ্জী ইছলাম, লাৱণ্য দত্ত ফুকন, অনামিকা বৰা, সিদ্ধান্ত বৰগোহাঁই, দেৱানন্দ দত্ত, ৰবীন বৰঠাকুৰ, মিতালী শৰ্মা, সুৰেশ ভূঞা, প্ৰণিতা দত্ত, হেমন্ত ৰাজখোৱা, অৰুণা চেতিয়া খাটনিয়াৰ, শিখা বুঢ়াগোহাঁয়ে । শিৱপ্ৰসাদ শইকীয়া, নিৰুপমা দত্তই গীত পৰিৱেশন কৰে । বৰ্ষীয়ান ব্যক্তি ডিম্বেশ্বৰ খাটনীয়াৰ, লেখিকা অসমী গগৈ বৰুৱা, শিক্ষক গোপাল বৰুৱা উপস্থিত থকা অনুষ্ঠানত শিৱসাগৰ জিলা কবি সন্মিলনৰ নৱ নিৰ্বাচিত সম্পাদক সুৰেশ ভূঞাক সম্বৰ্দ্ধনা জনোৱা হয়। 

Leave A Reply