Breaking

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৭ তম মৃত্যু বাৰ্ষিকী আৰু লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উদযাপন

0 42

দৈনন্দিন বাৰ্তা সেৱা, নাজিৰা, ৩১ অক্টোবৰঃ আজি সমগ্ৰ দেশৰ লগতে নাজিৰাতো ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৭ তম মৃত্যু বাৰ্ষিকীৰ লগতে লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উদযাপন কৰা হয়। নাজিৰা গ্ৰাম্য আৰু পৌৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত নাজিৰা ৰাজীৱ ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুয়ো গৰাকী মহান ব্যক্তিৰ  প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ পাতনি মেলে ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি মৃদুল বৰগোঁহায়ে।

ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰ্পূৱ বৰুৱাই আঁতধৰা অনুষ্ঠানত বৰবৰুৱা গাওঁ পঞ্চায়তৰ সভানেত্ৰী আইনু বৰগোঁহাই, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী কানন কাকলি বুঢ়াগোঁহাই, নাজিৰা মহকুমা অনুসূচীত জাতি উন্নয়ন ৱৰ্ডৰ সভাপতি দিলীপ হাজৰিকা, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে দিগন্ত সন্দিকৈ, শৰৎ গগৈ, মদন ৰয়, যোচেফ কন্যাক, শৈলেন বৰুৱা, পৰশমণি কলিতাকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে দেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰী তথা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শ আৰু কৰ্মপন্থাৰ ওপৰত আলোকপাত কৰে। 

Leave A Reply