Breaking

নাজিৰা প্ৰশাসনীয় ভাৱে মেৰুদণ্ডহীন হোৱাৰ পথত : জনস্বাস্থ্য কাৰিকৰী বিভাগক স্থানান্তৰ কৰি চৰাইদেউলৈ নিয়াৰ প্ৰস্ততি সম্পন্ন

0 2,018

ক্ৰমাৎ খালী হৈ পৰাৰ উপক্ৰম ঘটিছে নাজিৰা মহকুমা সদৰৰ বুকু। নগৰ আৰু মহকুমা হিচাপে গুৰুত্ব বৰ্দ্ধন কৰি অহা নাজিৰা মহকুমা সদৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলীয়  কাৰ্য্যালয়টো নতুনকৈ ঘোষিত চৰাইদেউ জিলাৰ সদৰ সোণাৰীলৈ স্থানান্তৰ ঘটোৱাৰ চূড়ান্ত পদক্ষেপত উদ্বিগ্ন হৈ পৰিছে নাজিৰা মহকুমাৰ গাঁও-ভূইৰ হাজাৰ হাজাৰজন লোকৰ লগতে নাজিৰা আৰু শিমলুগুৰি নগৰৰ আবাসীসকলো । আনহাতে চৰকাৰেও এনে এক হঠকাৰী সিদ্ধান্ত কেবিনেটৰ যোগেদি প্ৰকাশ ঘটোৱাই নহয় খোদ জনসাধৰণৰ অজ্ঞাতেই ৰূপায়ণ কৰিবলৈ বিভাগীয়  প্ৰস্ত্ততি অগ্ৰগতি ঘটাই কাইলৈৰপৰা নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তাক সোণাৰিলৈ লৈ যোৱাৰ বাবে পূৰ্ণ প্ৰস্ত্ততি সম্পন্ন কৰিছে । এই সন্দৰ্ভত নাজিৰাত সাংগঠনিক ভেটি থকা দুই এক সংগঠনে ইতিমধ্যে প্ৰশাসনৰ যোগেদি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা(গুৱাহাটী) , অতিৰিক্ত মুখ্য অভিযন্তা(নগাঁও) , অধীক্ষক অভিযন্তা (ডিব্ৰুগড়)লৈ প্ৰশাসনৰ জড়িয়তে স্মাৰক পত্ৰ প্ৰদান কৰিছে  ।  চৰকাৰে গোপনেই কাৰ্য্যালয়টো সোনাৰিলৈ স্থানান্তৰ ঘটোৱাৰ প্ৰস্ত্ততি যিকোনো প্ৰকাৰে স্থগিত কৰাৰ দাবী জনাই আজি নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়ৰ  প্ৰৱেশ পথতে প্ৰতিবাদী আন্দোলন কৰি বহি পৰে নাজিৰা, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিৰ বিষয়ববীয়া সকল । সদস্য সকলে অনতিপলমে চৰকাৰী এনে ষড়যন্ত্ৰ প্ৰত্যাহাৰৰ দাবী জনায় বিভাগটোৰ ওচৰত । নৱগঠিত চৰাইদেউ জিলাত এটি নতুন কাৰ্য্যালয় স্থাপিত হওক  চৰকাৰে তাৰ বাবে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰক । ঠিকাদাৰ সকলে সেই কাৰ্যক সমৰ্থন জনাব । আনহাতে বিগত চাৰিটাকৈ দশক ধৰি নাজিৰা মহকুমাৰ সদৰত উপযুক্ত ৰাজহ ভূমিৰ আৱন্টনেৰে চলি ৰোৱা চৰকাৰী জনস্বাস্থ্য বিভাগটো স্থানান্তৰ কৰি নাজিৰাৰ গাঁও আৰু নগৰৰ সৰ্বসাধাৰণ ৰাইজৰ ক্ষোভৰ উদ্গীৰণ ঘটাই  এক ভুল ধাৰণাৰ জন্ম দিব বিচাৰিছে বি জে পিৰ চৰকাৰে । নাজিৰাৰ কাৰ্য্যালয়টো নতুনকৈ ঘোষিত জিলা চৰাইদেউলৈ তুলি নিয়া কাৰ্য্য কোনো প্ৰকাৰে গ্ৰহণ নকৰে বুলি নাজিৰা, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিৰ সম্পাদক অপূৰ্ব লাহনে নিজ সংগঠনৰ স্থিতি দোহাৰে  । তেওঁ কয় যে ১০ ছেপ্টেম্বৰত তেওঁলোকে প্ৰতিবাদী আন্দোলন কৰিছে আৰু প্ৰতিটো বিভাগীয় স্তৰলৈকে স্মাৰক পত্ৰ প্ৰদানৰ দিহা কৰিছে । বি জে পি চৰকাৰে নতুনকৈ বিভাগীয় সংমণ্ডল সৃষ্টি কৰাৰ পৰিৱৰ্ত্তে চুবুৰীয়া মহকুমাৰ প্ৰতিষ্ঠিত কাৰ্য্যালয়টোকে নতুন জিলালৈ স্থানান্তৰ ঘটোৱা কাৰ্য্যই বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টিয়েই নহয় নাজিৰা মহকুমাৰ শশ নিবনুৱাৰ ভটিয়নী সংস্থাপনক ধূলিস্যাৎ কৰিব । সম্পাদক অপূৰ্ব লাহনে নাজিৰাৰ ৰাইজে ৰাজনীতিৰ উৰ্দ্ধত থাকি স্থানীয় সম্পদ বিয়োগ ঘটোৱা কাৰ্য্যৰ প্ৰতিবাদ জনাব বুলি কয় । সমিতিৰ স্মাৰক পত্ৰ নাজিৰাৰ মহকুমা প্ৰশাসনৰ হৈ অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম গগৈয়ে গ্ৰহণ কৰে ।  শনি আৰু দেওবাৰৰ বন্ধৰ দিনত কাৰ্য্যালয় তুলি লৈ যোৱাৰ ব্লু-প্ৰিণ্টঃনাজিৰা মহকুমা বাসীৰ চল্লিশ বছৰে চলাই অহা এটুপি খোৱা পানীৰ বাবে কৰা সংগ্ৰামক ওচৰৰপৰা সমৰ্থন যোগাবলৈ প্ৰতিষ্ঠিত জনস্বাস্থ্য কাৰিকৰী  বিভাগৰ সংমণ্ডলীয় কাৰ্য্যালয় নিজ মহকুমাৰ কেন্দ্ৰ স্থলৰ পৰা হেৰাই যোৱাৰ আবেগত নাজিৰাৰ ৰাইজৰ বাধাৰ সন্মুখীন হোৱাৰ আশংকা কৰি শনিবাৰ আৰু দেওবাৰৰ বন্ধৰ দিনকে বিভাগটোৱে  গোপনে ঠিৰাং কৰা বুলি এক সূত্ৰত প্ৰকাশ । সেই সূত্ৰে মাহৰ দ্বিতীয় শনিবাৰ ১১ ছেপ্টেম্বৰত কাৰ্যবাহী অভিযন্তাক সোণাৰিত যোগদানৰ বাবে ৰেহ-ৰূপ প্ৰস্ত্তত হৈ উঠা বুলি অৱগত হোৱা ঠিকাদাৰ সমিতিয়ে আজি কাৰ্য্যবাহী দণ্ডাধীশ তথা নাজিৰাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম গগৈৰ আগত এনে কোনো কাৰ্য্য প্ৰশাসনক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনায় । ১১ ছেপ্টেম্বৰত কোনো অচিলাৰেই যাতে গোপনে ফাইল আৰু কাৰ্য্যালয়ৰ সম্পদ স্থানান্তৰ কৰিব নোৱাৰে তাৰ বাবে ঠিকাদাৰ সমিতিয়েও গণতান্ত্ৰিক প্ৰতিৰোধ গঢ়ি ৰাখিব বুলি জনায় । উল্লেখযোগ্য যে একে স্থানৰে সমীপতে অৱস্থিত নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডলীয় কাৰ্য্যালয়টিও শিৱসাগৰৰ উপসংমণ্ডলৰ লগত জাপি দিবলৈ ওলাইছে বি জে পি নেতৃত্বাধীন ৰাজ্য চৰকাৰ । 

Leave A Reply