Breaking

নাজিৰাত ধন আত্মসাৎ তথা ডকাইতিৰ জাল ৰচা ছয় ব্যক্তিক আটক নাজিৰা আৰক্ষীৰ…

0 91

নাজিৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।নাজিৰাৰ এজন ব্যৱসায়ীৰ পৰা কোটি টকা আত্মাসাৎ তথা ডকাইত কৰাৰ মায়াজাল ৰচিছিল ছগৰাকীকৈ ব্যক্তিয়ে।যিকোনো উপায়েৰে ভয় ভাবুকিৰে ধন আত্মাসাৎ তথা ডকাইত কৰাৰ গোপন মায়াজাল ৰচিছিল ছগৰাকীকৈ ব্যক্তিয়ে।

কিন্তু সেই ছগৰাকীকৈ ব্যক্তিয়ে ধন আত্মসাত তথা ডকাইতৰ যি মায়াজাল ৰচিছিল সেইয়া যেন বাধা হৈ থিয় দিলে নাজিৰা আৰক্ষীয়ে।নাজিৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি নাজিৰা ব্যৱসায়ীজনৰ পৰা চল-চাতুৰিৰে ধন আতসাৎ তথা ডকাইত কৰিবলৈ ৰচা এই সকলো কুঅভিসন্ধিৰ কথা জানিব পাৰি ছয়গৰাকীকৈ ব্যক্তিৰ বিৰুদ্ধে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন ছয় ব্যক্তি ক্ৰমে চৰিফ আলি,সোণবৰ মেছ,মিৰাজুল হুছেইন,ভাইটি হুছেইন,চামচুৰ ৰহমান,পবিত্ৰ গগৈ।এই ছয় গৰাকী ব্যক্তিৰ ভিতৰত এজন ব্যক্তিয়ে গাড়ী চালক হিচাপে কাম কৰি গৈছিল ব্যৱসায়ী গৰাকীৰ ঘৰত।বৰ্তমান নাজিৰা আৰক্ষীয়ে আটক কৰি তিনি অভিযুক্ত ক জেল হাজোলৈ প্ৰেৰণ কৰে আৰু তিনিগৰাকী ব্যক্তিক তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীৰ তদন্তৰ পিছতহে এই সমগ্ৰ ঘটনা পোহৰলৈ আহিব।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপ’ৰ্ট।

Leave A Reply