Breaking

স্বাধীনতা দিৱস উপলক্ষে এন চি চি কেডেটক সম্বৰ্ধনা, চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত স্থানপ্ৰাপকক পুৰস্কাৰ প্ৰদান

0 1,569

দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি নিজৰ ক্ষেত্ৰখনত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এনচিচিৰ কেডেটসকলক সম্বৰ্ধনা জনোৱাৰ লগতে চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় । এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে নিজৰ নিজৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে । তেওঁ আত্মবিশ্বাস আৰু প্ৰবল মানসিক উদ্যমেৰে নিজৰ লক্ষ্যপ্ৰাপ্তি তথা এগৰাকী সু-নাগৰিক হোৱাৰ দিশে অগ্ৰসৰ হ’বলৈ শিক্ষাৰ্থীসকলৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত ৭৪ আছাম গাৰ্লছ এন চি চিৰ ৯ গৰাকী কেডেট, অধ্যক্ষ, এ এন অ’ আৰু চি টি অ’ক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ২০২২ চনত দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহন কৰা তথা ২০২১-২২ বৰ্ষত এন চি চিৰ চি চাৰ্টিফিকেট পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা গোলাঘাট কমাৰ্চ কলেজৰ ছাত্ৰী ৰূপশিখা ডেকাৰ লগতে ডি আৰ কলেজৰ ৰজলীন তকবিপি আৰু তুলিকা গগৈ, দিল্লী পাব্লিক স্কুল, নুমলিগড়ৰ স্পৰ্শা হালৈ আৰু ফৰকাটিং কলেজৰ ছাত্ৰী ছানিয়া দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে এন চি চিৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সত্যজিৎ পাল, ডি পি এছ, নুমলিগড়ৰ অধ্যক্ষ ইউ চি হাৰগোলা, কমাৰবন্ধা কলেজৰ এ এন অ’ লেফটেনেন্ট মীনাক্ষী বৰা আৰু গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ চি টি অ’ প্ৰনামী ভূঞাক সম্বৰ্ধনা জনোৱা হয় ।

অনুষ্ঠানত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশৰূপে জিলা প্ৰশাসনৰ সহযোগত শিক্ষা বিভাগে আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা ক্ৰমে বৰবালি মধ্য ইংৰাজী বিদ্যালয়ৰ গৰিমা গগৈ, ঘিলাধাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ স্বপ্না ফুকন আৰু গেলেকি মিকিৰ গাঁও প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেয়া ভৰদ্বাজক পুৰস্কাৰ প্ৰদান কৰা হয় । লগতে ৰচনা প্ৰতিযোগিতাৰ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণী শাখাত জৱাহৰলাল উচ্চ বুনিয়াদী বিদ্যালয়ৰ দীপালী ভূমিজ, পূব দেৰগাঁও কৃষ্ণ ৰমা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাগ্যস্মিন দত্ত আৰু নাহৰজান উচ্চ বুনিয়াদী বিদ্যালয়ৰ অংকিতা নাইকক ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। এই শাখাৰ বিষয় আছিল ‘দেশৰ স্বাভিমান জাতীয় পতাকা’। আনহাতে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শাখাত কুৰালগুৰি এইচ এছ স্কুলৰ ভাৰ্গৱী হাজৰিকা, দেৰগাঁও গাৰ্লছ এইচ এছ স্কুলৰ অনামিকা বৰা আৰু ফৰকাটিং জি জে বালিকা বিদ্যালয়ৰ ৰিচা শইকীয়াই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে । এই শাখাৰ বিষয় আছিল ‘স্বাধীনতা সংগ্ৰামত গোলাঘাটৰ অৱদান’ । আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তদ্বয় চুলতানা আখটাৰা আহমেদ আৰু কুলদীপ হাজৰিকা, নিৰ্বাচন বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁই, শিক্ষা বিভাগৰ বিষয়ববীয়া, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছিল । অনুষ্ঠানটোৰ আঁত ধৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱীয়ে ।

Leave A Reply