Breaking

মঙলদৈ মহাবিদ্যালয়ৰ বাকৰিত ন-পুৰনি NCCৰ সতিৰ্থ সন্মিলন

0 2,156

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, যাক শিক্ষাৰ কমাৰ শাল বুলি কলেও ভুল নহয় ৷ এই এন চি চিৰ পৰাই ছাত্ৰছাত্ৰীয়ে আহৰন কৰিব পাৰে জীৱন সলনি কৰিব পৰা এক শিক্ষা ৷ য’ত সৃষ্টি কৰিব পাৰে আত্মবিশ্বাস, সময়নুবৰ্তীতা, ব্যক্তিত্ব, অনুশাসন,কৰ্তব্য, দায়িত্ব, সমাজ সেৱাৰ মনোভাৱ তথা সবল নেতৃত্ব দিব পৰা এজন সুদক্ষ নাগৰিক ৷

মঙলদৈ মহাবিদ্যালয়ত এন চি চি সন্মিলনৰ বিভিন্ন কাৰ্যসূচীৰ পিচত অনুষ্ঠিত কৰে এন চি চি ন পুৰনি সতিৰ্থ সন্মিলন ৷ এই সন্মিলনত অংশগ্ৰহণ কৰি প্ৰাক্তন শিক্ষাৰ্থী তথা বিশিষ্ট সাংবাদিক গনেশ দত্তই মহাবিদ্যালয়ৰ পুৰনি স্মৃতি ৰোমন্থন কৰি প্ৰতিবছৰে এই সন্মিলনখন অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়াই ৷ মঙলদৈ মহাবিদ্যালয়ৰ ছোৱালী গোটৰ তত্ত্বাৱধায়ক মেজৰ ড° ৰেনু হাজৰিকাই কবিতা আবৃত্তি আৰু শিবিৰত ঘটা কিছুমান অভিজ্ঞতা বিষয়ে আলোকপাত কৰে ৷ আনহাতে মহাবিদ্যালয় ল’ৰা গোটৰ তত্ত্বাৱধায়ক তথা ৰক্ত দাতা মেজৰ হৰিমন ডেকাই নিজৰ কাৰ্যকালত হোৱা বিভিন্ন শিবিৰৰ অভিজ্ঞতা আৰু স্মৃতি ৰোমন্থন কৰি আৱেগিক আৰু নষ্টালজিক হৈ পৰাৰ লগতে ছাত্ৰছাত্ৰী সকলক পৃথিৱীৰ আটাইতকৈ সুখি ব্যক্তি বুলি মত প্ৰকাশ কৰে ৷ এই সন্মিলন খনি পৰিচালনা কৰে শিক্ষাৰ্থী বাহিনীৰ অন্যতম সদস্য কুশল ডেকাই ৷

মঙলদৈ মহাবিদ্যালয়ৰ পৰা নামখলাৰ সাংবাদিক দ্বীপেন ডেকাৰ ৰিপৰ্ট ৷ ডি বি নিউজ ৷ ১৬ জানুৱাৰী ৷

Leave A Reply