Breaking

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ছেমিত ND24, শিলচৰক পৰাস্ত; NKTVৰো জয়…

0 71

এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি – টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাত এন ডি ২৪ দলে ছেমি ফাইনেলত স্থান সুৰক্ষিত কৰিছে।

২৭ মাৰ্চ, সোমবাৰে পঞ্চম দিনা এন কে টি ভিয়ে মাত্ৰ ৫ ৰাণত পৰাস্ত কৰে গণ অধিকাৰ দলক। গুৱাহাটীৰ জজ ফিল্ডত পুৱা মেচখন সেমেকা আউটফিল্ডৰ বাবে ১৫ অভাৰলৈ হ্ৰাস কৰা হয়। এন কে টি ভিয়ে প্ৰথমে বেট ধৰি ৪ টা উইকেট হেৰুৱাই কৰে ১৫১ ৰাণ।

দলৰ সঞ্জীৱে ৩৭ টা বলত ৫ টা ছিক্সাৰসহ অপৰাজিত ৫৫, ৰাহুল আমিনে অপৰাজিত ২৯, প্ৰণৱজ্যোতি দাসে ১৬ আৰু অপেনাৰ লক্ষ্য গোহাঁয়ে এটা ছিক্সাৰসহ ১১ ৰাণ কৰে। বলিঙত এটাকৈ উইকেট দখল কৰে পৰেশ বৰা, এইছ কে ভূঞা আৰু সাগৰ দেৱনাথে।

প্ৰত্যুত্তৰত গণ অধিকাৰে নিৰ্ধাৰিত অভাৰত ৪ উইকেটত ১৪৬ ৰাণতে থমকি ৰয়। দলৰ এইছ আৰ ভূঞাই ৬৩, ৰূপম নাথে ৪৩ আৰু দেৱজ্যোতি শৰ্মাই ১৩ ৰাণ কৰে। বলিঙত এটাকৈ উইকেট দখল কৰে অধিনায়ক জিতুমণি মেধি, সঞ্জীৱ, পাৰ্থপ্ৰতিম ফুকন আৰু বিনয় কলিতাই। বেটে- বলে উজ্বলি উঠা সঞ্জীৱক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে সমাজকৰ্মী ৰমেন বৰঠাকুৰে।

বিয়লি দ্বিতীয় মেচখন উদ্ধোধন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। এইখন মেচত শিলচৰ প্ৰেছ ক্লাবক ৯০ ৰাণত পৰাস্ত কৰে এন ডি ২৪ দলে। প্ৰথমে বেট ধৰি এন ডি ২৪ দলে বাস্তৱ হাজৰিকাৰ বিস্ফোৰক বেটিঙৰ সহায়ত ২০ অভাৰত ২ উইকেটত কৰে ২১০ ৰাণ। বাস্তৱে ৩৭ বলত ৯ টা ছিক্সাৰসহ অপৰাজিত ৯০, অধিনায়ক অমিত গিৰিয়ে ৪৫, ৰঞ্জিৎ চাংমাই আৰু ৰাজ হুছেইনে ক্ৰমে ২৯ আৰু ২৫ ৰাণ কৰে। বলিঙত প্ৰতিপক্ষৰ শুভম দেব আৰু বিমান সিনহাই এটাকৈ উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত শিলচৰ প্ৰেছ ক্লাব দলে ১৯.৫ অভাৰত ১২০ ৰাণত ইনিংছ সামৰে। সতীৰ্থৰ ব্যৰ্থতাৰ মাজত দলৰ ৰাহুল দেই ৪১ বলত ৫ টা ছিক্সাৰসহ ৫১, তন্ময় চক্ৰৱৰ্তীয়ে ২ টা ছিক্সাৰসহ ২৭ ৰাণ কৰে। বলিঙত বিজয়ী দলৰ অমিত বড়োৱে ৪ টা, আবুদিন খানে ৩ টা উইকেট দখল কৰে। এটাকৈ উইকেট পায় বিকাশ ছেত্ৰী, ৰাম জয়ছোৱাল আৰু বাস্তৱ হাজৰিকাই। মেন অৱ দ্য মেচৰ ট্ৰফী লাভ কৰে বাস্তৱ হাজৰিকাই। খেলৰ আম্পায়াৰদ্বয় ধীৰাজ কুমাৰ দাস আৰু বাপন দাস। স্কৰাৰ আৰিফ শ‌ইকীয়া।

২৮ মাৰ্চ, মঙলবাৰে পুৱা শিলচৰ প্ৰেছ ক্লাবে জি এল পাব্লিকেচনৰ বিৰুদ্ধে আৰু বিয়লি গণ অধিকাৰ দলে অসমীয়া প্ৰতিদিন গ্ৰুপৰ বিৰুদ্ধে খেলিব। ২৯ মাৰ্চ, বুধবাৰৰ পুৱা প্ৰথম ছেমি ফাইনেল মেচ উদ্ধোধন কৰিব কণ্ঠশিল্পী ময়ূৰী দত্তই।

সিদিনাই বিয়লি দ্বিতীয় ছেমি ফাইনেলত মেচ উদ্ধোধন কৰিব গুৱাহাটীৰ উপ পৌৰপতি স্মিতা ৰয়ে। ৩০ মাৰ্চ, বৃহস্পতিবাৰে ফাইনেল মেচ উদ্ধোধন কৰিব গুৱাহাটী মহানগৰৰ পৌৰপতি মৃগেন শৰণীয়াই।

Leave A Reply