Breaking

বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…

0 14

বঙাইগাঁৱত নিদৰ ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য

মই এটা নতুন দায়িত্ব ল’বৰ কাৰণে আগবাঢ়ি গৈ আছো‍, দায়িত্ব কৰ্তব্য কিছু বাঢ়িব

সাংসদ হলেও নাপাহৰে সুভাষক

তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত ৩ নং বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণ উপলক্ষে সমষ্টিটোৰ অন্তৰ্গত ১৮ নং বঙাইগাঁও বিধান সভা সমষ্টিটো পুৱাৰে পৰা সুকলমে ভোটগ্ৰহণ আৰম্ভ হয় ৷ এই ভোটদান প্ৰক্ৰিয়াত পুৱাৰে পৰা ভোটাৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হোৱা পৰিলক্ষিত হয় ৷ ইপিনে বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী তথা বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়েও পুৱাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী চৌধুৰীয়ে পুৱাই বঙাইগাঁও চহৰৰ বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটদান কৰে ৷ ইপিনে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত কয় যে – মই এটা নতুন দায়িত্ব ল’বৰ কাৰণে আগবাঢ়ি গৈ আছো‍ ৷ মই নিজে এজন বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৷ বৰপেটা লোকসভা সমষ্টিটো বঙাইগাঁও বিধানসভা সমষ্টিতকৈ দহ গুণ বৃহৎ ৷ গতিকে নিশ্চতভাৱে মোৰ কিছু দায়িত্ব বাঢ়িব, কৰ্তব্য বাঢ়িব আৰু কৰণীয় বাঢ়িব ৷

কিন্তু মই ভাবো যে বঙাইগাঁও বিধানসভা সমষ্টিৰ এজন বিধান হিচাপে, জনপ্ৰতিনিধি হিচাপে মই যি দায়িত্ব পালন কৰিছিলো তেনেকৈ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিতে তেনে ধৰণেই মোৰ দায়িত্ব পালন কৰিব পাৰিম আৰু কৰ্তব্য পালন কৰিবলৈ সক্ষম হ’ম আৰু ৰাইজক সেৱা কৰিব পাৰিম ৷ এইক্ষেত্ৰত বঙাইগাঁও বিধানসভা সমষ্টিৰ ৰাইজে মোক যেনধৰণে সহযোগ কৰিছিল বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজেও মোক একেধৰণে সহযোগ কৰিব বুলি মই আশা কৰিছো ৷ আনহাতে বৰ্তমান প্ৰতিনিধিত্ব কৰি থকা বঙাইগাঁও বিধানসভা সমষ্টিৰ বিষয়ে উল্লেখ কৰি কয় যে -বঙাইগাঁও বিধানসভা সমষ্টিটো হ’ল মোৰ গৃহ সমষ্টি ৷ গতিকে নিশ্চিতভাৱে মোৰ বঙাইগাঁৱৰ প্ৰতি এটা দুৰ্বলতা থাকিব ৷ মোৰ আগৰ দৰেই বঙাইগাঁৱৰ প্ৰতি দুৰ্বলতা থাকিব ৷ এতিয়া বঙাইগাঁও বিধানসভা সমষ্টিত এজন নতুন বিধায়ক হ’ব ৷ তিনিমাহ চাৰিমাহ পিছত যেতিয়া এজন নতুন বিধায়ক নিৰ্বাচিত হ’ব তেতিয়া সেই বিধায়কগৰাকীক মোৰ দায়িত্ব যেনেধৰণে পালন কৰিছোঁ সেই একেধৰণে সেই বিধায়কগৰাকীকো দায়িত্ব পালন কৰাৰ কাৰণে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই সকলো প্ৰকাৰে চেষ্টা চলাম ৷ ইপিনে বৰপেটা লোকসভা সমষ্টিৰ সমস্যা সন্দৰ্ভত কয় যে – বৰপেটা লোকসভা সমষ্টিত দহটা বিধানসভা সমষ্টি আছে ৷ প্ৰতিটো বিধানসভা সমষ্টিতে বানপানী আৰু গৰাখহনীয়া সমস্যাটো আছে ৷ সেইদৰে অসম চুক্তিৰ প্ৰসংগ উল্লেখ কৰি লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কয় যে – মই অসম আন্দোলনৰ জৰিয়তে গঠিত অসম গণ পৰিষদ দলৰ পৰা আহিছো ৷ ৰাইজে আশা কৰিছিল যে অসম গণ পৰিষদ দল এটা হওক, আঞ্চলিক দল এটা হওক আৰু আঞ্চলিক দলটোৱে অসমৰ উন্নয়ন কৰক ‍‍৷ সদৌ অসম ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদৰ লগত ভাৰত চৰকাৰৰ যি চুক্তি স্বাক্ষৰ হৈছিল সেই চুক্তিখন যাতে এশ শতাংশই ৰূপায়ণ হয় সেই লক্ষ্য- দৃষ্টি ৰাখিয়ে অসম গণ পৰিষদ দলটোৰ জন্ম হৈছিল ৷

গতিকে মই যিহেতু অসম গণ পৰিষদ দলৰ এজন সদস্য তথা সেনা, সেয়ে নিশ্চিতভাবে এই অসম চুক্তিখন ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত মনোযোগ দিম ৷ তেওঁ লগতে কয় যে বৰপেটা লোকসভা সমষ্টিটো অন্যান্য লোকসভা সমষ্টিতকৈ কিছু পিছপৰা ৷ বিশেষকৈ ঔদ্যোগিক ক্ষেত্ৰৰ লগতে বিভিন্ন দিশত পিছপৰা ৷ সেয়ে এই ক্ষেত্ৰত অন্যন্য সমষ্টিসমূহৰ লগত কেনেকৈ ফেৰ মাৰিব পাৰি তথা আগবঢ়াই লৈ যাব পাৰি তাৰ বাবে চিন্তা – চৰ্চা কৰিম ৷ বৰপেটাবাসীয়ে এটা সমস্যাৰ কথা কৈ আহিছে যে বৰপেটাক ৰে’লেৰে সংযোগ কৰিব লাগে ৷ তেওঁলোকে ৰে’লৱে মন্ত্ৰণালয়কো জনাইছে আৰু দাবীও উত্থাপন কৰি আহিছে ৷ ইতিমধ্যে এইক্ষেত্ৰত জৰীপৰ কামো কিছু হৈছে আৰু আগবাঢ়িছ ৷ গতিতে বৰপেটাত ৰে’ল পথৰে সংযোগ কৰাৰ ৰাইজৰ যিটো দাবী সেই দাবীটোক মোৰ পাঁচবছৰীয়া কাৰ্য্যকালত কেনেকৈ কাৰ্য্যকৰী কৰিব পৰা যায় তাৰ ব্যৱস্থা মই কৰিম ৷ আনহাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো এটা জলন্ত সমস্যা আৰু মইও সেই ছয় জনগোষ্ঠীৰে এটা জনগোষ্ঠীৰ হয় ৷ গতিকে নিশ্চিতভাবে মই এই ছয় জনগোষ্ঠীৰ সমস্যাটোৰ ক্ষেত্ৰতো চিন্তা-চৰ্চা কৰিম বুলিও কয় ৷ আনহাতে সাংসদ হলেও বিধায়ক হৈ থকা সময়ত যিখন বা আগে পাছে যিখন চেলুত চুলি- দাঢ়ি কটাইছিল সাংসদ হলেও তাতেই কটাব বুলিও কয় ৷ সেইদৰে সাংসদ হলেও সুভাষৰ দোকানক অৰ্থাৎ সুভাষক নাপাহৰে বুলি কয় ৷

Leave A Reply