Breaking

ৰাজমিস্ত্ৰীক এমচিএলএ পাতিলে বিজেপিয়ে; বিজয়উৎসৱত আৱেগিক হৈ পৰিল বঢ়মপুৰৰ ইন্দ্ৰ

0 29

 নগাঁও, ২০ডিচেম্বৰ: সদ্যঘোষিত তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত নগাঁও জিলাৰ অন্তৰ্গত ১০ টা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ১০গৰাকী বিজেপি প্ৰাৰ্থীৰ ভিতৰত এজন প্ৰাৰ্থীৰ নাম  বিশেষ ভাৱে চৰ্চিত হৈছে । পেচাত  সাধাৰণ ৰাজমিস্ত্ৰীৰ কাম কৰি জীৱন নিৰ্বাহ কৰা ইন্দ্ৰ বৰদলৈক এইবাৰ নামবৰ লালুংগাঁও পৰিষদীয় সমষ্টিত বিজেপি দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল । নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ইন্দ্ৰ বৰদলৈক টিকট প্ৰদান কৰাৰ ক্ষেত্ৰত  বিশেষভাৱে আগভাগ লয়। আনহাতে ইন্দ্ৰ বৰদলৈৰ হৈ  বিধায়ক ৰূপক শৰ্মা আৰু বিজেপিৰ জিলা সভাপতি অভিজিৎ নাথে ভালেসংখ্যক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল । উল্লেখ্য যে বিজেপি দলে ইন্দ্ৰ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষুণ্ণ হৈ পোনাকণ বৰদলৈ নামৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীজনে  বিজেপি ত্যাগ কৰি অগপৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীর্ণ হৈছিল । ইপিনে পোনাকণ বৰদলৈৰ লগতে আন  কেইবাগৰাকী বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নামিছিল। তৎসত্বেও ইন্দ্ৰ বৰদলৈয়ে অৱশেষত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। আজি নগাঁও জিলা বিজেপি কাৰ্যালয়ত আৱেগিক হৈ পৰা ইন্দ্ৰ বৰদলৈয়ে কয় :  “মই নৰেন্দ্ৰ মোডীক ভালপাই বিজেপি দলত যোগদান কৰিছিলো।  বিজেপি দলে সৰু মানুহক গুৰুত্ব দিয়ে। সেয়ে মই বিজেপিক ভালপাঁও । ইপিনে ইন্দ্ৰক লগত লৈ জিলা সভাপতি অভিজিৎ নাথে কয় : প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ উদাহৰণ হৈ পৰক ইন্দ্ৰ বৰদলৈ। উল্লেখ্য যে এইবাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত লালুংপাৰত বিজেপি প্ৰাৰ্থী মদন বৰদলৈ আৰু নামবৰ লালুংগাঁৱত ইন্দ্ৰ বৰদলৈয়ে জয়লাভ কৰে। অগপৰ দুৰ্গস্বৰূপ বঢ়মপুৰ সমষ্টিৰ দুয়োটা তিৱা পৰিষদীয় সমষ্টিত বিজেপিয়ে বিজয়ধ্বজা উৰুওৱাৰ পিছত ২০২১ ৰ বিধানসভা নির্বাচনত বঢ়মপুৰ সমষ্টি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ  মহন্তক এৰি নিদিয়াৰ সংকল্প লৈছে নগাঁও জিলা বিজেপিয়ে।

Leave A Reply