NEET পৰীক্ষাত সাফল্য লাভ অক্সিগুৰীৰ ৰুবাই আল মোৱাব্বাছৰঃ লাভ কৰিলে ৫৫৪ নম্বৰ

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত অক্সিগুৰী গাঁৱৰ বাসিন্দা তথা বিশিষ্ট অধিবক্তা মোকবুল হোসেনৰ পুত্ৰ ৰুবাই আল মোৱাব্বাছে চিকিৎসা শিক্ষাৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা NEET-2026-ত উজ্জ্বল সাফল্য অৰ্জন কৰি ৫৫৪ নম্বৰ লাভ কৰিছে।

তেওঁৰ এই উল্লেখযোগ্য কৃতিত্বই পৰিয়াল, আত্মীয়-স্বজন, শুভাকাংক্ষী আৰু সমগ্ৰ অঞ্চলবাসীৰ মাজত আনন্দৰ বতৰা কঢ়িয়াই আনিছে। কঠোৰ পৰিশ্ৰম আৰু নিয়মীয়া অধ্যয়ন আৰু দৃঢ় মনোবলৰ জৰিয়তে তেওঁ এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ৰুবাই আল মোৱাব্বাছৰ এই সাফল্যই অঞ্চলটোৰ বহু ছাত্ৰ-ছাত্ৰীক চিকিৎসা শিক্ষাৰ দিশত আগবাঢ়িবলৈ নতুন অনুপ্ৰেৰণা যোগাব বুলি স্থানীয় সচেতন মহলে মত প্ৰকাশ কৰিছে। তেওঁৰ আগন্তুক শিক্ষাজীৱন আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে বিভিন্ন মহলৰ লোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

Related Articles