NEET প্ৰশ্নকাকত ফাদিল বিতৰ্ক: ‘ছাত্ৰ-ছাত্ৰীক উচটনি নিদি সঠিক পথ দেখুৱাওক’— NDA সাংসদক প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

NEET প্ৰশ্নকাকত ফাদিল বিতৰ্ক: ‘ছাত্ৰ-ছাত্ৰীক উচটনি নিদি সঠিক পথ দেখুৱাওক’— NDA সাংসদক প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

NEET প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDA সাংসদসকললৈ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে। মঙলবাৰে সংসদ ভৱনৰ লাইব্ৰেৰী বিল্ডিঙৰ GMC বালযোগী অডিটৰিয়ামত অনুষ্ঠিত NDA সংসদীয় দলৰ ‘মংগল মিলন’ বৈঠকত ভাষণ দি মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক উচটনি নিদি সঠিক পথ দেখুৱাবলৈ সাংসদসকলক আহ্বান জনায়।

দিল্লীত NEET প্ৰশ্নকাকত ফাদিলক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ বৃহৎ প্ৰতিবাদৰ এদিন পিছতে প্ৰধানমন্ত্ৰীৰ এই মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ধৰা হৈছে।

ভাষণত মোদীয়ে কয়, “ভুল পথত খোজ দিয়া সহজ, কিন্তু সেই পথ এৰি সঠিক পথলৈ উভতি অহা বহুত কঠিন। তেওঁলোকক সঠিক পথলৈ ঘূৰাই অনাটো আমাৰ দায়িত্ব।”

তেওঁ লগতে কয় যে, দেশৰ যুৱ প্ৰজন্মক বিভ্ৰান্ত কৰাৰ চেষ্টা চলিছে। এনে পৰিস্থিতিত ৰাজনৈতিক উচটনিৰ পৰিৱৰ্তে যুৱ সমাজক সঠিক দিশ দেখুওৱাটো সকলোৰে দায়িত্ব।

‘মংগল মিলন’ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় পাঁচ মিনিট ধৰি NEET প্ৰশ্নকাকত ফাদিলৰ বিষয়ত বক্তব্য ৰাখি স্পষ্ট কৰি দিয়ে যে, এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কোনো অভিযুক্তক কোনো ধৰণৰ ৰেহাই দিয়া নহ’ব।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা আৰু CJP-ৰ প্ৰতিনিধি দলৰ বৈঠকৰ পিছতে মোদীয়ে এই মন্তব্য কৰে। আনহাতে, NEET কেলেংকাৰীক লৈ দিল্লীৰ যন্তৰ-মন্তৰত ছাত্ৰ-ছাত্ৰীসকলে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে। এই প্ৰতিবাদৰ এদিন পিছতে প্ৰধানমন্ত্ৰীৰ এই বাৰ্তাই ৰাজনৈতিক আৰু শিক্ষাক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰিছে।

Related Articles