Breaking

তৃতীয় বাৰৰ মাতৃ হ’ব নেহা ধুপীয়া ! অভিনেত্ৰীগৰাকীয়ে জনালে এই কথা…

0 164

পুনৰ মাতৃ হ’ব নেহা ধুপীয়া ! অভিনেত্ৰীগৰাকীয়ে জনালে এই কথা…।শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী নেহা ধুপিয়াক তেওঁৰ স্বামী অভিনেতা অংগদ বেদীৰ সৈতে অতি সুন্দৰ ৰুপত দেখা গৈছিল। নেহাৰ এই ভিডিঅ’টো দেখি বহু অনুৰাগীয়ে কৈছে যে অভিনেত্ৰীগৰাকী তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে। ভিডিঅ’টো চাওক-

বলীউডৰ অভিনেত্ৰী আৰু অভিনেতাসকলৰ ছবি, তেওঁলোকৰ কাম আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনৰ সকলো কথা জানিব বিচাৰে অনুৰাগীয়ে। ছ’চিয়েল মিডিয়াই অনুৰাগীসকলক তেওঁলোকৰ প্ৰিয় চেলিব্ৰিটিসকলৰ জীৱন বিষয়েৰে জানিবলৈ সুবিধা দিছে, কেৱল সেয়াই নহয়, তেওঁলোকে ইয়াৰ ওপৰত মন্তব্য কৰি নিজৰ মতামত আগবঢ়াব পাৰে। শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী নেহা ধুপিয়াক তেওঁৰ স্বামী আৰু অভিনেতা অংগদ বেদীৰ সৈতে এক অনুষ্ঠানত দেখা গৈছিল। সেইদিনা নেহা আৰু অংগদৰ ভিডিঅ’ ভাইৰেল হৈ আছে য’ত এই তাৰকা দম্পতীক বহুত ধুনীয়া দেখা গৈছিল আৰু নেহাক দেখি একাংশ অনুৰাগীৰ পৰ্যবেক্ষণ কৰিছিল। এই ভিডিঅ’টো চাই অনুৰাগীসকলৰ মনত এনে লাগিল যে নেহা তৃতীয়বাৰৰ বাবে গৰ্ভৱতী হৈছে…! এই অনুষ্ঠানটো জিঅ’ ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল য’ত জিঅ’ই নতুন নতুন চিনেমা আৰু শ্ব’ৰ কথা ঘোষণা কৰিছিল। এই অনুষ্ঠানৰ ৰেড কাৰ্পেটত অংগদ আৰু নেহাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত অভিনেত্ৰীগৰাকীক চালে এনে লাগে যেন কন্যা মেহৰ আৰু পুত্ৰ গুৰিকৰ পিছত তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে।

একাংশ অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ বেবী বাম্প দেখিছে, তাৰ পিছত নেহাৰ তৃতীয় গৰ্ভধাৰণৰ খবৰ বিয়পি পৰিছে।

Leave A Reply