Breaking

অমৃত কলহ যাত্ৰা নেহৰু যুৱ কেন্দ্ৰৰ

0 69

সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰম্ভ হোৱা ‘ মেৰা মাটি মেৰা দেশ’ অভিলাষী আঁচনিৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫ হাজাৰখন গাঁও-চহৰৰ পৰা মাটি সংগ্ৰহ কৰিবলৈ যি পৰিকল্পনা হাতত লোৱা হৈছে সেই অনুসৰি ১-৩০ ছেপ্টেম্বৰলৈ নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত পঞ্জীয়নভুক্ত বিভিন্ন যুৱ সংঘ, মহিলা সংগঠন আৰু স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত মানুহৰ ঘৰে-ঘৰে গৈ মাটি সংগ্ৰহ কৰি থকা হৈছে ৷

শনিবাৰে ভাষা শ্বহীদ অনিল বৰা স্মৃতি যুৱক সংঘৰ ব্যৱস্থাপনাত নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ অমৃত কলহ যাত্ৰাৰ বিশেষ কাৰ্যসূচীত নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ উত্তৰ-পূৱৰ মাণ্ডলিক সঞ্চালক ইং খোৱাং গুৱাং , উপ-সঞ্চালক প্ৰমথেষ চক্ৰবৰ্তী, জিলা যুৱ বিষয়া বিকাশ চন্দ্ৰ প্ৰধানৰ নেতৃত্বত গায়ন-বায়ন সহিতে নটুৱাগাঁৱত প্ৰতিঘৰ মানুহৰ পদুলিত উপস্থিত হৈ কলহত মাটি সংগ্ৰহ কৰে ৷

এই কাৰ্যসূচীত অনিল বৰা স্মৃতি যুৱক সংঘৰ সভাপতি প্ৰমুখ্যে কৰ্মকৰ্তাসকল , নটুৱাগাঁও গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়াসকল, নটসূৰ্য ফণী শৰ্মা যুৱক সংঘৰ কৰ্মকৰ্তাসকল, বিশিষ্ট শিক্ষাবিদ পোনাৰাম নাথ আৰু নেহেৰু যুৱক সংঘৰ স্বেচ্ছাসেৱক-সেবিকাসকলৰ লগতে শতাধিকলোকে অংশগ্ৰহণ কৰে ৷


ইয়াৰ পিচতে ‘মোৰ দেশ মোৰ মাটি’ কাৰ্যসূচী পঞ্চায়ত- উন্নয়নখণ্ডৰ পৰ্যায়ৰ পৰা জিলা পৰ্যায়ত অনুষ্ঠিত হ’ব বুলি নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক আৰু কাৰ্যসূচী বিষয়া ধণঞ্জয় তালুদাৰে জানিবলৈ দিয়ে ।

Leave A Reply