Breaking

নিউ আৰ্ট প্লেয়াৰ্ছৰ ৰঙালীৰ ওলগ…

0 13

গুৱাহাটীৰ আগশাৰীৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছে প্ৰতিবছৰে ৰঙালী বিহুৰ সময়ত সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ ভাবে আগবঢ়োৱা সেৱাৰ বাবে কেইগৰাকীমান জেষ্ঠ ব্যক্তিক ওলগ আৰু সম্ভাষণ জনাই আহিছে৷ এই পৰম্পৰা ৰক্ষা কৰি এই বছৰৰ পহিলা ব’হাগত নিউ আৰ্ট প্লেয়াৰ্ছে এক কাৰ্যসূচীৰ জৰিয়তে ক্ৰমে যশস্বী নাট পৰিচালক আৰু সংগীত নাটক অকাডেমী ৰত্ন বঁটাপ্ৰাপক দুলাল ৰয়, বিশিষ্ট কবি আৰু সাংস্কৃতিক সংগঠক ৰমেন কলিতা, সাহিত্যিক আৰু বিশিষ্ট অনুবাদক নিশুতি মজুমদাৰ, বিশিষ্ট বনচাই আৰু কাঠ খোদাই শিল্পী লাবু সেনাপতি, বিশিষ্টা সঙ্গীত শিল্পী নিলীমা খাতুন, বিশিষ্ট অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক মিৰেল কুদ্দুচৰ বাসভৱনলৈ গৈ ৰঙালীৰ ওলগ আৰু সম্ভাষণ জনায়৷

সম্ভাষণ গ্ৰহণ কৰি প্ৰতিগৰাকী ব্যক্তিয়েই নিউ আৰ্ট প্লেয়াৰ্ছৰ এনেধৰণৰ কাৰ্য্যসূচীৰ ভূয়সী প্ৰসংশা কৰে আৰু এই সন্মানৰ বাবে গৌৰৱান্বিত বুলি প্ৰকাশ কৰে৷ এই সম্বৰ্ধনা কাৰ্যসূচীত নিউ আৰ্ট প্লেয়াৰ্ছৰহৈ সাধাৰণ সম্পাদক ৰথীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্য, উপসভাপতি পুলক গোস্বামী, কোষাধ্যক্ষ কল্যাণ কুমাৰ দাস আৰু লগতে সংঘৰ জেষ্ঠ সদস্য নয়ন প্ৰসাদ আৰু উৎপল গোস্বামীয়ে প্ৰতিনিধিত্ব কৰে৷

Leave A Reply