Breaking

৬ অক্টোবৰৰ পৰা ছবিগৃহত নতুন অসমীয়া চলচ্চিত্ৰ ‘মমতাৰ চিঠি’; জ্যোতি চিত্ৰবনত সম্পন্ন প্ৰিমিয়াৰ শ্ব’

0 96

বৃহস্পতিবাৰে কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত সম্পন্ন হ’ল নতুন অসমীয়া চলচ্চিত্ৰ মমতাৰ চিঠিৰ প্ৰিমিয়াৰ শ্ব’৷


অনুষ্ঠানটিত আৰোহণ ন্যাসৰ মুখ্য ন্যাসৰক্ষী ,সমাজকৰ্মী প্ৰীতি শইকীয়া আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰী মলয়া গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে৷

হেম বৰুৱাৰ হৃদয়স্পৰ্শী সৃষ্টি মমতাৰ চিঠি শীৰ্ষক কবিতাটিৰ আধাৰত ‘মুখা’ৰ বেনাৰত নিৰ্মল দাসে নিৰ্মাণ কৰা ‘মমতাৰ চিঠি’ ছবিখনে ৬ অক্টোবৰত সমগ্ৰ অসমৰ ৩২টাকৈ ছবিগৃহত মুক্তি লাভ কৰিব৷ ছবিখনৰ সংলাপ-চিত্ৰনাট্যও নিৰ্মল দাসৰ৷


মমতাৰ চিঠি চিনেমাখনৰ মুখ্য সহকাৰী পৰিচালক সমৰজ্যোতি সৰকাৰ৷ সহকাৰী পৰিচালনা গোলাপ আৰু উৎপলৰ৷কাৰিকৰী নিৰ্দেশনা আৰু চিনেমাটোগ্ৰাফী প্ৰদীপ দৈমাৰীৰ৷সহযোগী উপেন বড়ো৷চিনেমাখনৰ প্ৰযোজনা দেৱাদীব দাসৰ৷সহ প্ৰযোজক পুতুল চন্দ্ৰ দাস আৰু ৰিপুঞ্জয় দাস৷

ছাউণ্ডৰ কাম কৰিছে দীপক দত্তই৷ সহযোগী বাবুল দাস৷সম্পাদনা প্ৰতীম খাউণ্ডৰ(ৰাজা)৷ ৰূপসজ্জা বিশ্ব কলিতাৰ৷

চিনেমাখনৰ কেন্দ্ৰীয় চৰিত্ৰদুটাত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াই৷ বৰ্ষীয়ান অভিনেত্ৰী চেতনা দাসৰ লগতে মমতাৰ চিঠিৰ আন আন চৰিত্ৰত অভিনয় কৰিছে ৰীণা বৰা, বিশ্বজিৎ ওজা,কবিন্দ্ৰ দাস,পল্লব পৱন বৰা, দিগন্ত কলিতা, ভাৰ্গৱ কটকী,বিপ্লৱ বৰকাকতি, গোলাপ ভূঞা, হেমাংগ ৰায়চৌধুৰী, মুকুট পূজাৰী,মনোজ দাস, হিতেশ মহিলাৰী,সংঘমিত্ৰা ওজা,গৰিমা দাস,দীপশিখা দাস, বিক্ৰম কাকতি, সঞ্জীৱ দাস, মল্লিকা শৰ্মা, উৎপল, শৰ্মিষ্ঠা দাস আদিয়ে৷ আনহাতে ভিক্টৰ অৰ্জুন দাস, প্ৰিয়দৰ্শন,প্ৰেৰণা,জ্ঞানম কিশোৰ,উদিচী,প্ৰিয়ব্ৰতে শিশুশিল্পী হিচাপে মমতাৰ চিঠিত অভিনয় কৰিছে৷


চিনেমাখনৰ আৱহ সংগীত তৰালী শৰ্মাৰ৷মমতাৰ চিঠিৰ চাৰিটি গীতৰ তিনিটাই লিখিছে নিৰ্মল দাসে৷ইয়াৰে জুবিন গাৰ্গৰ কণ্ঠৰ ‘আহিবানে জোনাক’ গীতটিৰ সুৰ নিৰূপ দাসৰ৷সংগীত ৰাজীৱ নাথৰ৷আন এটা লিখিছে ভাস্কৰ অপচুৱেলে৷ গীতত কণ্ঠ নিগৰাইছে তৰালী শৰ্মা ,শৰ্মিষ্ঠা দাস আৰু ভাস্কৰ অপচুৱেলে৷


Leave A Reply